ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ভাৰ্চুৱেলি গুজৰাটৰ ধোলেৰাত এটা অত্যাধুনিক চেমিকনডাক্টৰ ফেব আৰু অসমৰ মৰিগাঁওৰ জাগীৰোডত এটা চেমিকনডাক্টৰ এচেম্বলি আৰু পৰীক্ষা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে।
ধোলেৰাত অনুষ্ঠিত আধাৰশিলা স্থাপন অনুষ্ঠানত ৰে’ল, যোগাযোগ আৰু ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, টাটা চঞ্চৰ অধ্যক্ষ এন. চন্দ্ৰশেখৰণ, সভাপতি অংকুৰ বাৰ্মা আৰু টাটা ইলেক্ট্ৰনিকছৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ ৰণধীৰ ঠাকুৰ উপস্থিত থাকে। একেদৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জাগীৰোডৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানটোত জলশক্তি, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ আৰু উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে অনুষ্ঠানটোত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰে। মেক ইন ইণ্ডিয়াৰ দিশত এই পদক্ষেপে এক মাইলছ ষ্টন হিচাপে চিহ্নিত হব।অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি টাটা চন্স প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ এন. চন্দ্ৰশেখৰণে কয় যে আজিৰ দিনটো সঁচাকৈয়ে টাটা গোটৰ বাবে এক বিশেষ দিন – ২,৫০০ কিলোমিটাৰ দূৰত্বত ধোলেৰা আৰু জাগীৰোডত আমাৰ প্ৰকল্পসমূহৰ বাবে একেলগে আধাৰশিলা স্থাপন কৰা হৈছে। এই চেমিকনডাক্টৰ ফেবৰ নিৰ্মাণ কেন্দ্ৰসমূহে সমগ্ৰ দেশৰ ওপৰত স্থায়ী প্ৰভাৱ পেলাব। সমগ্ৰ বিশ্বৰ পৰিৱেশ তন্ত্ৰই ভাৰতক তেওঁলোকৰ পছন্দৰ চেমিকনডাক্টৰ ফেবৰ স্থান হিচাপে ৰাখিবলৈ একত্ৰিত হ’ব।
এই ঐতিহাসিক উপলক্ষে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমাৰ দেশৰ উপকূললৈ চেমিকনডাক্টৰ উদ্যোগ কঢ়িয়াই অনাৰ বাবে তেওঁৰ স্থায়ী দৃষ্টিভংগীৰ বাবে ধন্যবাদ জনাইছো।”আমি ভাৰত চৰকাৰ, গুজৰাট চৰকাৰ আৰু অসম চৰকাৰৰ প্ৰতি কৃতজ্ঞ। এই অনুষ্ঠানটোৱে আমাৰ ঐতিহাসিক যাত্ৰা ‘ইণ্ডিয়াজ টেকাডে চিপছ ফৰ ভিকচিট ভাৰত’ৰ বাবে এক গুৰুত্বপূৰ্ণ বুলি টাটা ইলেক্ট্ৰনিকছৰ কাৰ্যবাহী বিষয়া আৰু পৰিচালনা সঞ্চালক ড০ ৰণধীৰ ঠাকুৰে উল্লেখ কৰে।
গুজৰাটৰ ধোলেৰাত টাটা ইলেক্ট্ৰনিকছৰ অৰ্ধপৰিবাহী ফেব্ৰিকেচন সুবিধা টাইৱানৰ পাৱাৰচিপ চেমিকনডাক্টৰ ফেবৰ নিৰ্মাণ নিগমৰ (পিএছএমচি) সহযোগত বিকশিত কৰা হৈছে। যি হৈছে বিশ্বব্যাপী চেমিকনডাক্টৰ ফেবৰ ভিতৰত অন্যতম। কৌশলগতভাৱে আহমেদাবাদ চহৰৰ ওচৰত অৱস্থিত। ৯১,০০০ কোটি টকালৈকে বিনিয়োগৰ সৈতে, ভাৰতৰ প্ৰথম এআই-সক্ষম ফেবে ২০,০০০ ৰো অধিক প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগ সৃষ্টি কৰিবলৈ সাজু হৈছে।