অৰায়ন কেপছুল ৰবিবাৰে নিশা সুকলমে অৱতৰণ কৰে প্ৰশান্ত মহাসাগৰত। ২৬ দিনৰ বাবে পৃথিৱীৰ কক্ষপথ প্ৰদৰ্শন কৰি উভতি আহিছিল মহাকাশচাৰী কঢ়িয়াই নিয়া এই বাহন খন। অৱশ্যে NASAই পোন প্ৰথমবাৰৰ বাবে এনে উন্নত মানৰ উত্তৰ প্ৰজন্মৰ প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰাৰ বাবে কোনো মহাকাশচাৰী কঢ়িয়াই নিয়া নাছিল যান খনে।
উল্লেখ্য যে, পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ পাছত তীব্ৰ বেগে সমুদ্ৰ পৃষ্ঠৰ দিশে নামি আহিছিল অৰায়ন কেপছুলটো। অৱশেষত সুকলমে সমুদ্ৰ পৃষ্ঠত অৱতৰণ কৰাৰ পাছত NASAই এই সমগ্ৰ অভিযানটোক সফল আখ্যা দিয়ে।
আনহাতে, ২০২৪ বৰ্ষৰ শেষৰ ভাগত অথবা ২০২৫ বৰ্ষৰ আৰম্ভণিত এই অভিযানটো পুনৰ হাতত ল’ব NASAই। কিন্তু এইবাৰ যানখনে কঢ়িয়াই নিব মহাকাশচাৰীক আৰু অৱতৰণ কৰাব চন্দ্ৰপৃষ্ঠত। প্ৰায় অৰ্ধ শতিকা পিছত চন্দ্ৰপৃষ্ঠত পুনৰ এবাৰ মানহৰ অৱতৰণে পূৰ্বতে উন্মোচন নোহোৱা বহু তথ্য প্ৰকাশ কৰিব বুলিও আশা কৰা হৈছে।