জৈৱ ইন্ধনৰ প্ৰতি সমগ্ৰ বিশ্বই পৰীক্ষণ কৰি থকাৰ সময়তে এক সেউজ বিপ্লৱৰ সূচনা কৰিবলৈ ওলোৱা সময়তেই নুমলীগড় শোধানাগাৰে ল’লে এক প্ৰশংসনীয় পদক্ষেপ। NRL অৰ্থাৎ নুমলীগড় শোধানাগাৰ লিমিটেডে গোলাঘাট জিলাত ১,৭৫০ কোটি টকীয়া এক জৈৱ শোধানাগাৰ স্থাপনৰ সিদ্ধান্ত লয় । এই পৰিকল্পনা অনুসৰি, প্ৰতি বছৰেই প্ৰায় ৫ লাখ মেট্ৰিক টন বাহঁৰ পৰা উৎপাদন কৰি উলিওৱা হ’ব জৈৱ-ইথানল। নুমলীগড় শোধানাগাৰে শেহতীয়াকৈ ২৫ জন থলুৱা যুৱ ব্যৱসায়ীক এই বৃহৎ পৰিমাণৰ বাহঁ যোগানৰ বাবে দ্বায়িত্ব দিছে। এই গোট কেইটাই যোগান ধৰা বাহঁৰ পৰা ৪৯ মেট্ৰিক টন ইথানল, ১১ মেট্ৰিক টন এছিটিক এচিড, ১৯ মেট্ৰিক টন ফৰফৰাল উৎপাদন কৰা হ’ব।
উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চল বাহঁৰ উৎপাদনৰ বাবে চহকী আৰু সমগ্ৰ দেশৰ ৬৫ শতাংশ বাহঁৰ চাহিদা পূৰণ কৰে কেৱল উত্তৰ পূৰ্বাঞ্চলে। এই সুবিধা গ্ৰহণ কৰি নুমলীগড় শোধানাগাৰে বৰ্তমানৰ ৩ মিলিয়ন মেট্ৰিক টনৰ পৰা ৯ মিলিয়ন মেট্ৰিক টনলৈ বাৰ্ষিক উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ পৰিকল্পনা হাতত লৈছে।