ভাৰত-অষ্ট্ৰেলিয়াৰ খাদ্য প্ৰক্ৰিয়া প্ৰযুক্তিৰ লগত জড়িত ট্ৰাচাটেক নামৰ আন্তঃৰাষ্ট্ৰীয় কোম্পানীয়ে বৃহস্পতিবাৰে উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ কৃষকসকলক সু-সমিধান প্ৰদান কৰাৰ স্বাৰ্থত গুৱাহাটীত খাদ্য প্ৰক্ৰিয়া প্ৰযুক্তি প্ৰদৰ্শন কেন্দ্ৰ স্থাপনৰ বাবে নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন’লজী এপ্লিকেচন এণ্ড ৰিচাৰ্ছ (NHCTR)ৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।
ট্ৰাচাটেকে ফল-মূল, শাক-পাচলি, মচলা, বাদাম, বনৌষধিৰ লগতে মাংসৰ ডিহাইড্ৰেচন, ফ্ৰিজিং আৰু থাৰ্মাল/এচেপ্টিক প্ৰক্ৰিয়াকৰণৰ বাবে খাদ্য সংৰক্ষণ প্ৰযুক্তি উদ্ভাৱন কৰে। উক্ত প্ৰযুক্তিৰ বিষয়ে বৰ্ণনা কৰি ট্ৰাচাটেকৰ সহ-প্ৰতিষ্ঠাপক প্ৰদীপ আৰু পোনমানিকন্দনে জনায় যে, “উপযুক্ত আৰু তাৎক্ষণিক খাদ্য সংৰক্ষণ প্ৰণালী উপলব্ধ নোহোৱাৰ বাবে ভাৰতে শস্য চপোৱাৰ পিছত ১৫% ৰ পৰা ২০% লোকচানৰ সন্মুখীন হৈছে। সংৰক্ষণৰ অভাৱতেই কৃষকসকল অধিক লোকচানৰ সন্মুখীন হয়। কিন্তু ট্ৰাচাটেক কোম্পানীৰ উন্নত প্ৰযুক্তিৰ দ্বাৰা অতিৰিক্ত উৎপাদন সংৰক্ষণ কৰিব পাৰিব। আনহাতে খাদ্য সামগ্ৰীবোৰ কমেও ৯ মাহলৈকে সংৰক্ষণ কৰাৰ লগতে ইয়াৰ সকলো পুষ্টি অক্ষত থাকিব।