ব্যক্তিগত সুৰক্ষা আৰু নাৰী সুৰক্ষাৰ বাবে ট্ৰুকলাৰে মুকলি কৰিলে গাৰ্ডিয়ানচ এপ ৷
১৫ মাহজোৰা গৱেষণাৰ অন্তত এপটো মুকলি কৰিছে বিশ্বৰ জনপ্ৰিয় টেলিফোন ছাৰ্চ ইঞ্জিন ট্ৰুকলাৰে ৷
গুগল প্লে’ ষ্ট’ৰ আৰু এপ’ল ষ্ট’ৰত উপলব্ধ এই গাৰ্ডিয়ানচ এপ ৷
এপ সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ সহঃ প্ৰতিষ্ঠাপক এলেন মেমেডিয়ে কয়, ব্যক্তিগত সুৰক্ষা আৰু অৱস্থানৰ বাবে বিষয়ে তথ্য বিনিময়ৰ বাবে এপ ষ্ট’ৰত শতাধিক এপ আছে ৷
কিন্তু এইসমূহ কোনোটোৱেই পৰিয়াল আৰু বন্ধুবৰ্গ আৰু অন্যান্যসকলক জড়িত কৰিব পৰাকৈ কাৰ্যক্ষম নহয় ৷
ব্যক্তিগত সুৰক্ষাৰ লগতে নাৰী সুৰক্ষাৰ বাবে বিষয়টোত গুৰুত্ব আৰোপ কৰি এই এপটো মুকলি কৰা হৈছে ৷
ইয়াৰ দ্বাৰা ব্যৱহাৰকাৰী উপকৃত হ’ব বুলি আশা কৰিছে প্ৰতিষ্ঠানটোৱে ৷
photo: google