জীৱন – জীৱিকা আৰু কৰ্তব্যৰ তাগিদাত দেশ- বিদেশত থাকিলেও একাংশ অসমীয়া লোকে সীমিত সা – সুবিধাৰ মাজতো কৃষ্টি- সংস্কৃতি, সাহিত্য জীয়াই ৰাখিবলৈ আপ্রান চেষ্টা অব্যাহত ৰাখিছে। আনকি অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙত বাস কৰি অহা অসমীয়া সকলৰ অন্যতম সংগঠন “Tribute to Legends of Assam by Meghamallar ” নামৰ গোষ্ঠীটোৱেও শ্বিলং চহৰত বাস কৰি অহা অসমীয়া লোকসকলৰ মাজত এই সন্দৰ্ভত বিভিন্ন প্ৰতিযোগিতা, অনুষ্ঠান আদিৰ আয়োজন কৰি আহিছে। অলপতে গোষ্ঠীটোৱে অসম আৰু অসমীয়া হিয়াৰ আমঠু সুধাকণ্ঠ, ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কৰ্মৰাজি, আদৰ্শৰাজি উঠি অহা প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে শ্বিলঙৰ আসাম ক্লাবত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰে।
A Tribute to legends of Assam by Meghamallar ৰ সমুহ মহিলা গোষ্ঠীৰ দ্বাৰা আয়োজন কৰা বিভিন্ন প্রতিযোগিতাত শিশুকে ধৰি শ্বিলং নিৱাসী বহু অসমীয়া লোক আৰু ছাত্ৰ – ছাত্ৰীয়েও ভাগ লয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ভাষণ প্ৰসংগত কেবাজনেও প্ৰতিযোগিতখনত প্ৰতিযোগীৰ সংখ্যা বৃদ্ধিত উৎসাহ প্ৰকাশ কৰি কয় – ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে শ্বিলঙৰ ল’ৰা ছোৱালীয়েও অসমীয়া ভাষা সাহিত্যৰ লগতে ডঃ ভূপেন হাজৰিকা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া সমাজলৈ যিখিনী অৱদান আগবঢ়াই গৈছে সেয়া তুলনাবিহীন। লগতে গুৰুদুজনাৰ সৃষ্টিৰাজীকো শ্বিলঙৰ অসমীয়া সমাজখনে জীয়াই ৰখা যি প্ৰচেষ্টা সঁচাই শলাগিবলগীয়া।
শ্বিলঙৰ অ’ত ত’ত সিঁচৰিত হৈ থকা অসমীয়া সমাজখনে নিজৰ জাতীয় সত্ত্বাক জীয়াই ৰাখিছে। অসমীয়া সাজপাৰৰ পৰা আৰম্ভ কৰি ভাষা সংস্কৃতি, গীত মাত, কলা- কৌশলী, ভাওঁনা সবাহ আৰু খাদ্য সম্ভাৰলৈকে সকলোখিনি ধৰি ৰাখিছে। মেঘমল্লাৰ গোষ্ঠীয়ে অনুষ্ঠিত কৰা ত্ৰিবিদ্যত্বয়ৰ মহান সৃষ্টিৰাজীক পুনঃপুনঃ সোঁৱৰাই থাকিবৰ কাৰণে অনুষ্ঠিত অনুষ্ঠানত যথেষ্ট সংখ্যক ছাত্রছাত্রীয়ে বিভিন্ন প্রতিযোগিতাত অংশ গ্ৰহণ কৰে। শ্বিলঙৰ ইংলিছ মিডিয়ামত পঢ়ি থকা ছাত্রছাত্রী সকলৰ মাজতো নিজৰ মাতৃ ভাষাটোৰ লগতে অসমীয়া কৃষ্টি সংস্কৃতিক জীয়াই ৰখাৰ যি প্ৰচেষ্টা সঁচাই শলাগিবলগীয়া।