গ্লবেল স্মাৰ্ট ডিভাইচ ব্ৰেণ্ড অপ্প’ ইণ্ডিয়াই অলপতে ঘোষণা কৰে যে, এয়াৰটেলৰ সকলো গ্ৰাহকে অপ্প’ৰ সকলো ৫জি ডিভাইচত এক নিৰবিচ্ছিন্ন ৫জি কানেক্টিভিটিৰ অভিজ্ঞতা লাভ কৰিব পাৰিব। গ্ৰাহকে নিৰবিচ্ছিন্ন ভিডিঅ’ কলিং, ক্লাউডত লেগ ফ্ৰী গেমিং আৰু ইয়াৰ সকলো শ্ৰেণীৰ ৫জি মডেলসমূহত দ্ৰুত ডাটা আপলোড আৰু ডাউনলোডৰ অভিজ্ঞতা লাভ কৰিব আৰু এই আল্ট্ৰাফাষ্ট এয়াৰটেল ৫জি কানেক্টিভিটি উপভোগ কৰিবলৈ গ্ৰাহকে কেৱল নেটৱৰ্ক ছেটিংছত গৈ এয়াৰটেল ৫জিলৈ তেওঁলোকৰ পছন্দৰ নেটৱৰ্ক সলনি কৰিলেই হ’ব।
এই সন্দৰ্ভত অপ্প’ ইণ্ডিয়াৰ উপাধ্যক্ষ তছলীম আৰিফে কয়, “অপ্প’ বিকশিত প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত হৈ ব্যৱহাৰকাৰীসকলৰ বাবে জীৱনৰ মানদণ্ড উন্নত কৰিছে। এনে এক উদাহৰণ হৈছে ৫জি, ভাৰতত এই প্ৰযুক্তিৰ বিকাশৰ বাবে আমি প্ৰযুক্তি ইকোছিষ্টেমত উদ্ভাৱন আৰু সহযোগিতাত আমাৰ শক্তিৰ লাভ গ্ৰহণ কৰিছো। সকলোৰে বাবে ৫জিৰ বিকাশৰ বাবে কাম কৰি আছে। এই যাত্ৰাৰ অংশ হোৱাৰ বাবে আৰু কাৰ্যকৰীকৰণৰ ঠিক পিচতেই আমাৰ ব্যৱহাৰকাৰীসকলৰ বাবে ৫জি অভিজ্ঞতা কঢ়িয়াই অনাত আমাৰ সহায় আগবঢ়োৱাৰ বাবে আমি এয়াৰটেলক ধন্যবাদ জনাইছো। ভৱিষ্যতে ৫জিৰ বিকাশৰ সমান্তৰালভাৱে ৫জিৰ দৌৰত আগবাঢ়ি থাকিবলৈ আন উদ্ভাৱনৰ ওপৰত আমাৰ শক্তি কেন্দ্ৰীভূত কৰি যাম।“
এই সহযোগিতা সন্দৰ্ভত ভাৰতী এয়াৰটেলৰ কনজিউমাৰ বিজনেছৰ সঞ্চালক আৰু ডি টি এইচৰ চি ই অ’ স্বাস্বত শৰ্মাই কয়, “এয়াৰটেলৰ দীৰ্ঘদিনীয়া সহযোগী হৈ আহিছে অপ্প’ আৰু আমাৰ ৫জিৰ যাত্ৰাত তেওঁলোকৰ সৈতে পুনৰবাৰ সহযোগিতা স্থাপন কৰি ৰোমাঞ্চিত হৈ পৰিছো। ইতিমধ্যে ৮ খন চহৰত সক্ৰিয় হৈছে এয়াৰটেল ৫জি প্লাছ আৰু অচিৰেই সমগ্র দেশতে আমাৰ সেৱাৰ পৰিসৰ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছো। বৰ্তমানৰ এয়াৰটেল ৪জি ছিম হৈছে ৫জি সক্ষম, সেয়েহে আমি নেটৱৰ্ক আৰম্ভ কৰাৰ লগে লগে গ্ৰাহকে ছেটিংছত ৫জি নেটৱৰ্ক নিৰ্বাচন কৰিয়ে অপ্প’ৰ সকলো ৫ জি ডিভাইচত আল্ট্ৰাফাষ্ট ৫জি সেৱা উপভোগ কৰিব পাৰিব। আমাৰ নেটৱৰ্কে আজিৰ তুলনাত ২০ ৰপৰা ৩০ গুণ ক্ষিপ্ৰ গতিৰ লগতে উন্নত ভয়চ অভিজ্ঞতা আৰু ছুপাৰ ফাষ্ট কল কানেক্ট সেৱা আগবঢ়াব।“
৫জি সক্ষম ভৱিষ্যতৰ বাবে অপ্প’ৱে বছৰ বছৰ উদ্ভাৱনৰ নামত উচৰ্গা কৰিছে। ৫জিৰ অগ্ৰণী ব্ৰেণ্ডটোৱে মূল সামগ্ৰী প্ৰযুক্তিৰ বিকাশ গভীৰ কৰিবলৈ বহু পৰিমাণৰ ধনৰাশি বিনিয়োগ কৰি আহিছে আৰু অনুসন্ধান আৰু বিকাশৰ বাবে কৌশলগত সহযোগিতা স্থাপন কৰিছে আৰু বিভিন্ন পৰিস্থিতিত উদ্ভাৱনসমূহ পৰীক্ষা কৰিছে। বিভিন্ন মূল্যৰ বিস্তৃত ৰেঞ্জৰ ৫জি সক্ষম ডিভাইচসমূহ হৈছে ভাৰতত ৫জি প্ৰযুক্তি বিকাশৰ দিশে অপ্প’ৰ প্ৰস্তুতি সম্পূৰ্ণ আৰু সমৰ্পনৰ নিখুঁত উদাহৰণ। ব্যৱহাৰকাৰীসকলক ৫জি গ্ৰহণৰ দিশত সাজু কৰি তুলিবলৈ অপ্প’ৱে লগতে দেশৰ বিভিন্ন অগ্ৰণী দূৰসংযোগ প্ৰতিষ্ঠানৰ সৈতে একলগ হৈ কাম কৰি আছে। ব্ৰেণ্ডটোৱে শেহতীয়াকৈ ইণ্ডিয়ান ম’বাইল কংগ্ৰেছ ২০২২ ত অপ্প’ ডিভাইচত ৫জি অভিজ্ঞতা প্ৰদৰ্শন কৰিবলৈ এয়াৰটেলৰ সৈতে সহযোগিতা স্থাপন কৰিছে, এই প্ৰদৰ্শনত ১জি বি পি এছ গতি দেখিবলৈ পোৱা যায়।