নেচনেল ডেস্কঃ সমগ্ৰ দেশতে ক’ৰোনা মহামাৰীয়ে ছানি ধৰাৰ পৰিপ্ৰেক্ষিতত লকডাউন বলৱৎ কৰা হয়৷ লকডাউনৰ সময়ছোৱাত সাধাৰণ জীৱন-যাত্ৰা ব্যাহত হোৱাৰ সময়তে দেশৰ প্ৰসিদ্ধ কীৰ্তিচিহ্নস্থলসমূহো সাধাৰণৰ দৰ্শকৰ বাবে বন্ধ হৈ আছে৷ কিন্তু এতিয়া দেশত আনলক-২ৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় প্ৰত্নতাত্বিক বিভাগে ইমান দিনে দৰ্শকৰ বাবে বন্ধ কৰি ৰখা তাজমহল অহা ৬ জুলাইৰ পৰা মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ অৱশ্যে এইক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ অনুমতি থাকিব লাগিব বুলিও জনোৱা হৈছে৷ এই তথ্য টুইটাৰযোগে প্ৰকাশ কৰিছে কেন্দ্ৰীয় সাংস্কৃতিক বিভাগৰ মন্ত্ৰী প্ৰহ্লাদ পেটেলে৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট