২১ জুলাইত অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ মৌখিক পৰীক্ষা। গুৱাহাটীৰ কাহিলিপাৰাৰ চতুৰ্থ অসম আৰক্ষী বাহিনীত অনুষ্ঠিত হ’ব এই পৰীক্ষা। ১৭ জুলাইৰ পৰা পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ড সমূহ ডাউনলোড কৰিব পাৰিব। পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে ৮৯২৯২-০৭৬৬৮ নম্বৰj এই টোল-ফ্ৰী নম্বৰ মুকলি কৰা হৈছে।
উল্লেখযোগ্য যে, ২৪ এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ ফলাফল ১৪ জুনত ঘোষণা কৰা হৈছিল। ৩০৬ টা উপ-পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা।