পশ্চিম গুৱাহাটীৰ আজাৰা মাটিয়াস্থিত অগ্ৰণী হস্ততাত আৰু বস্ৰশিল্প প্ৰস্তুতকৰ্তা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান আভা ক্ৰিয়েচনৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ সহযোগত আভা ক্ৰিয়েচনছ ছ’চিয়েল ইমপেক্ট ফাউণ্ডেচনে ২ ছেপ্টেম্বৰত সমৰ্থ আঁচনিৰ অধীনত প্ৰতিষ্ঠান চৌহদত ৰোজগাৰ মেলা আৰু প্ৰমাণপত্ৰ বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। আভা ক্রিয়েচনছৰ কৰ্মকৰ্তা অৰূপ কুমাৰ বৈশ্যৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ উপ সচিব কুমাৰ নিত্যানন্দ , সন্মানীয় অতিথি হিচাপে গুৱাহাটীৰ মুগা এৰি ৰেচম কৃমি বীজ সংস্থাৰ সঞ্চালক ড০ কাৰ্তিক নেওগ আৰু কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ বিষয়া ড০ ছিদ্দিক আলী আহমেদ উপস্থিত থাকে। উল্লেখযোগ্য যে বস্ত্ৰ মন্ত্ৰালয়ৰ এক ফ্লেগশ্বিপ পদক্ষেপ SAMARTH Scheme ৰ লক্ষ্য হৈছে বস্ত্ৰ খণ্ডত নিয়োগযোগ্য দক্ষতা প্ৰদান কৰি যুৱক-যুৱতীসকলক দক্ষতা, প্ৰশিক্ষণ আৰু সবলীকৰণ। বহনক্ষম জীৱিকা সৃষ্টিৰ ওপৰত শক্তিশালী গুৰুত্ব দি এই আঁচনিখনে বস্ত্ৰ উদ্যোগক শক্তিশালী কৰাৰ লগতে গ্ৰাম্য আৰু অৰ্ধনগৰীয়া অঞ্চলত কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰাত সহায়ক হৈছে।
আনহাতে অনুষ্ঠানত আভা ক্ৰিয়েচনছৰ উদ্যোগত প্ৰশিক্ষণ গ্ৰহণ কৰা ১০৭ জন প্ৰশিক্ষাৰ্থীক তেওঁলোকৰ নিষ্ঠা, কঠোৰ পৰিশ্ৰম, আৰু শিক্ষণ আৰু দক্ষতা বৃদ্ধিৰ প্ৰতি দায়বদ্ধতাক স্বীকৃতি দি তেওঁলোকৰ প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। এই প্ৰশিক্ষাৰ্থীসকলে ৰেচম হস্ততাঁত বস্ত্ৰ উদ্যোগৰ বিভিন্ন খণ্ডত কঠোৰ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিছিল। মুখ্য অতিথিৰ ভাষণত কুমাৰ নিত্যানন্দই তেওঁৰ ভাষণত প্ৰশিক্ষাৰ্থীসকলৰ অধ্যৱসায়ৰ বাবে প্ৰশংসা কৰে আৰু দক্ষতা বিকাশৰ কাৰ্যসূচীত সহায় কৰা বাবে আভা ক্ৰিয়েচনছ ছ’চিয়েল ইমপেক্ট ফাউণ্ডেশ্যনৰ শলাগ লয়। তেনেদৰে ড০ কাৰ্তিক নেওগে বহনক্ষম বস্ত্ৰ পদ্ধতিৰ গুৰুত্ব আৰু মুগা এৰীৰ দৰে থলুৱা ৰেচমৰ প্ৰচাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। ড০ ছিদ্দিক আলী আহমেদেও চমু ভাষণত সমৰ্থ আঁচনিৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত কেবাজনো প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণত লাভ কৰা অনুভৱ ব্যক্ত কৰে । শেষত শলাগৰ শৰাই আগবঢ়াই আভা ছ’চিয়েল ইমপেক্ট ফাউণ্ডেশ্যনৰ কাৰ্যবাহী অনু মণ্ডলে।