ঔদ্যোগিক মন্ত্ৰী বিমল বৰাই বিভাগটোৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে সক্ৰিয় হৈ উঠিছে। শনিবাৰে দিনত মন্ত্ৰীগৰাকী বামুণীমৈদামস্থিত ঔদ্যোগিক, বাণিজ্য বিভাগৰ আয়ুক্তৰ কাৰ্যালয় উপস্থিত হৈ কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীৰ সৈতে আলোচনাত মিলিত হয় আৰু কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে।
মন্ত্ৰী বৰাই বিভাগটোৰ দীৰ্ঘদিন ধৰি পদোন্নতিৰ পৰা বঞ্চিত ৮৫গৰাকী বিষয়াক পদোন্নতি দিয়াৰ ব্যৱস্থা কৰে। উল্লেখ্য যে, বিগত প্রায় ২৫ বছৰে বিভাগটোত হোৱা নাছিল বিষয়া-কৰ্মচাৰীৰ পদোন্নতি। মন্ত্ৰী গৰাকীয়ে মুঠ ৮৫ গৰাকী সম্প্ৰসাৰণ বিষয়াসহ, প্ৰবন্ধকক অধ্যক্ষ পদলৈ পদোন্নতি দিয়াৰ ব্যৱস্থা কৰিছে।
উল্লেখ্য যে, বিভাগটোত এতিয়াও খালী হৈ আছে বহু পদ। বিভাগটোৰ মুঠ ১২০০ পদৰ ভিতৰত কেৱল ৫০০গৰাকী কৰ্মচাৰীয়েহে দায়িত্বত আছে। সেই অনুসৰি বিভাগৰ মুঠ ৭০০ পদ খালী হৈ আছে। এই পদসমূহত শীঘ্রে নিযুক্তিৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰিছে মন্ত্ৰী বৰাই।