ৰাজ্যৰ ২৬ হাজাৰ পদৰ বিজ্ঞাপন প্ৰকাশৰ পাছতে এইসমূহ পদত আবেদন কৰিছে প্ৰায় ১২ লাখ লোকে। ৰাজ্যৰ নিবনুৱা পৰিস্থিতিৰ ভয়াৱহতা উদঙাই দিয়া এই তথ্যক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে। চৰকাৰে এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে ব্যাপক চৰ্চা চলাইছিল যদিও এই লক্ষ্যত এতিয়াও উপনীত হ’ব পৰা নাই। কিন্তু এক লাখ চাকৰিৰ লক্ষ্যত উপনীত হ’লেও যে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ দিশত ই এটা ক্ষুদ্ৰ খোজহে হ’ব তাক শেহতীয়া এই পৰিসংখ্যাই প্ৰমাণিত কৰিছে।
উল্লেখ্য যে, অসম চৰকাৰৰ বিভিন্ন বিভাগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬ হাজাৰ পদত নিযুক্তি প্ৰদানৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। আৰু এই ২৬ হাজাৰ পদৰ বিপৰীতে বিভিন্ন বিভাগে লাভ কৰা আবেদনৰ সংখ্যা হৈছে, ১১,৯২,৫০৯। চৰকাৰী সূত্ৰই এই তথ্য প্ৰকাশ কৰিছে। তৃতীয় বৰ্গৰ বাবে মুঠ ৬,৭১,৮০৫ জন প্ৰাৰ্থীয়ে আবেদন কৰিছে। আনহাতে চতুৰ্থ বৰ্গৰ পদৰ বাবে আবেদন কৰিছে ৪,৪৩,৬৫৫জনে। আনহাতে তৃতীয় বৰ্গৰ অন্তৰ্গত গাড়ীচালক পদৰ বাবে আবেদন কৰিছে আন ৭৭,০৪৯জন চাকৰি প্ৰত্যাশীয়ে।
উল্লেখ্য যে, এমপ্লইমেণ্ট এণ্ড ডাইৰেক্টৰেট অব এমপ্লইমেণ্ট এণ্ড ক্ৰাফছমেন ট্ৰেইনিঙৰ তথ্য অনুসৰি ৰাজ্যত এতিয়া ২২ লাখৰো অধিক নিবনুৱা আছে। এইসকলৰ মাজৰ পৰা ১১ লাখে অনলাইন পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে। বাকীখিনিয়ে বিভিন্ন কাৰণত চাকৰিত আবেদন কৰাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।