বিশিষ্ট সাংবাদিক, যাদুকৰ ৰূপহ চলিহা আৰু আমাৰ মাজত নাই। শনিবাৰে বিশিষ্ট সাংবাদিকগৰাকীৰ দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ থকা চলিহাই ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয়। এগৰাকী সৎ ব্যক্তিত্বৰ অধিকাৰী চলিহাৰ ঘৰ আছিল তিনিচুকীয়াত।
চলিহাই যাদু বিদ্যা, সাংবাদিকতাৰ লগতে সাহিত্যক্ষেত্ৰতো সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। একাধিক গ্ৰন্থ ৰচনা কৰি ভাষা-সাহিত্যলৈ তেওঁ অৱদান আগবঢ়াই থৈ গৈছে। তেওঁ ২০১৭-১৮বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে আগবঢ়োৱা সাংবাদিক পেঞ্চন লাভ কৰিছিল। চলিহাৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ভালে সংখ্যক অনুষ্ঠান-প্ৰতিষ্ঠান তথা গন্যমান্য ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে চলিহাৰ বিয়োগ জাতীয় জীৱনৰ বাবে এক বৃহৎ ক্ষতি বুলি সামাজিক মাধ্যম যোগে ব্যক্ত কৰি শোকাকুল পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।