সাহিত্য আলোচনী ‘গৰীয়সী’ৰ নতুন সম্পাদকৰ দায়িত্ব ল’ব ৰীতা চৌধুৰীয়ে। অসমীয়া সাহিত্য জগতৰ প্ৰতিষ্ঠিত লেখিকা গৰাকীয়ে ‘আসাম ট্ৰিবিউন গোষ্ঠী’ৰ দ্বাৰা প্ৰকাশিত গৰীয়সীৰ সম্পাদকৰ দায়িত্ব ল’ব বুলি প্ৰচাৰিত খবৰে সাহিত্যপ্ৰেমীৰ মাজতো নতুন আশাৰ সঞ্চৰ কৰিছে।
মাকাম, দেও লাংখুই, আদিৰ জনপ্ৰিয় উপন্যাসৰ স্ৰষ্টা, সাহিত্য অকাডেমী বঁটা প্ৰাপক, জনপ্ৰিয় সাহিত্যিক, নেচনেল বুক ট্ৰাষ্টৰ প্ৰাক্তন সঞ্চালক ড০ ৰীতা চৌধুৰীৰ নেতৃত্বত ‘গৰীয়সী’য়ে নতুন গতি আৰু ৰূপ লাভ কৰিব বুলি আশা কৰা হৈছে। আলোচনীখনৰ সম্পাদকৰূপে এপ্ৰিল মাহৰ পৰা দায়িত্ব গ্ৰহণ কৰিব বিশিষ্ট সাহিত্যিকগৰাকীয়ে।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ধ্ৰুৱজ্যোতি বৰাই গৰীয়সীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিশ্ব বিদ্যালয়ৰ উপচাৰ্য ৰূপে যোগদান কৰাত উক্ত পদৰ পৰা অব্যাহতি লৈছিল।