সাহিত্য সাধনা মঞ্চ, কামৰূপ মহানগৰ জিলা সমিতিৰ প্ৰথম প্ৰতিষ্ঠা দিৱস কাহিলীপাৰাৰ নৰ্থ ইষ্ট পাব্লিক স্কুলত ১৬ জুনত পালন কৰা হয়।পুৱা চাৰে আঠ বজাত পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সমিতিৰ সভাপতি কবিতা হাজৰিকাই । তেনেদৰে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট কবি চৈয়দা জোৎস্না ৰাণী বেগম আৰু কৃষ্ণ কান্ত হাজৰিকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। স্মৃতি তৰ্পণ কৰে প্ৰণীতা শৰ্মা আৰু বহু কেইগৰাকী সদস্যাই। অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত বৃক্ষৰোপণ কাৰ্যসূচীত পুস্পলতা মজুমদাৰৰ সৈতে ভালে সংখ্যক ব্যক্তিয়ে অংশগ্ৰহণ কৰে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত কবিতা আবৃত্তি প্ৰতিযোগিতাও অনুষ্ঠিত হয়। মিনু দাস আৰু মণিৰূপা মিশ্ৰ বিচাৰক হিচাপে উপস্থিত থকা আবৃত্তি প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে – নীল নয়ন শৰ্মা,খ্যাতি গোস্বামী আৰু পুল্যস্তা কলিতাই।
অনুষ্ঠানত সদস্য সকলৰ মাজত কবিতা পাঠ অনুষ্ঠিত হয়। কবিতা পাঠৰ কাৰ্য্যসূচী উদ্বোধন কৰে শেৱালী ভাগৱতীয়ে। দুপৰীয়া কবিতা হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত সমিতিৰ উপদেষ্টা বিনয় কুমাৰ শৰ্মাৰ কবিতা পুথি এখনো উন্মোচন কৰা হয়। সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি মৃণালিনী দেৱী। বিশিষ্ট অতিথি হিচাপে বিশিষ্ট শিশু সাহিত্যিক নীলিমা বৰা আৰু আমন্ত্ৰিত অতিথি ৰূপে কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ দাস,সম্পাদক নৱজিৎ দাস, সহ সম্পাদক দেব বৰা। শেষত শলাগৰ শৰাই আগবঢ়াই শেৱালী ভাগৱতীয়ে। জাতীয় সঙ্গীতেৰে সভাৰ সামৰণি হয়।