১. ২৮ এপ্ৰিলত ডিব্ৰুগড়লৈ আহিব প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়লৈ আহিব। দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ত এখন কৰ্কট চিকিৎসালয় উদ্বোধন কৰাৰ লগতে ডিব্ৰুগড়ৰ পৰাই আন ছয়খন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব।
২. এনকাউন্টাৰঃ শিশু বলাৎকাৰৰ অভিযুক্ত মুহিম শৰ্মালৈ আৰক্ষীৰ গুলী
ৰাজ্যত পুনৰ এনকাউন্টাৰ। বিশ্বনাথত এনকাউন্টাৰত গুলীবিদ্ধ শিশু বলাৎকাৰৰ অভিযুক্ত কাঠনিবাৰীঘাটৰ মুহিম শৰ্মা।
উল্লেখ্য যে, প্ৰায় ৬০ বছৰ বয়সীয়া শৰ্মাৰ বিৰুদ্ধে এটি শিশুক বলাৎকাৰৰ অভিযোগ উত্থাপন হৈছিল। তাৰপাছতেই দেওবাৰে গঞাই চুলি খুৰাই, চূণ লেপি, চেণ্ডেলৰ মালা পিন্ধাই বিহিছিল শাস্তি।
৩. মাতৃভাষাত শপত গ্ৰহণ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰনগৌৰা নাৰ্জাৰীৰ
ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰিলে অসমৰ পৰা নিৰ্বাচিত হোৱা দুই বিজেপি সাংসদ ক্ৰমে পবিত্ৰ গগৈ মাৰ্ঘেৰিটা আৰু ৰনগৌৰা নাৰ্জাৰীয়ে। উল্লেখ্য যে, অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা সাংসদসকলৰ ভিতৰত পবিত্ৰ মাৰ্ঘেৰিটাই কনিষ্ঠ সাংসদ।
৪. ১৪ দিনত ১২ বাৰলৈ বৃদ্ধি হ’ল পেট্র’ল-ডিজেলৰ মূল্য
আজি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত আৰু ৪২ পইচা আৰু প্ৰতি লিটাৰত ৪ পইচা বৃদ্ধি হৈছে। ইয়াৰ সৈতে, যোৱা ১৪ দিন অৰ্থাৎ দুসপ্তাহত প্ৰতি লিটাৰত মুঠ ৮.৪০ টকালৈ বৃদ্ধি হৈছে। লগতে বিগত ১৪ দিনত ১২ বাৰলৈ পেট্র’ল-ডিজেলৰ দাম বৃদ্ধি হৈছে।
৫. ৩ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ
ৰাজ্যত পুনৰ ৩ কোটিৰো অধিক টকাৰ ড্ৰাগছ জব্দ। খটখটি আৰক্ষীয়ে ৩ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে ৩ তিনিখনকৈ গাড়ীও জব্দ কৰে। খটখটি বৰলেঙৰীত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ। কুখ্যাত ড্ৰাগছ মাফিয়াৰ বাবা হাজৰিকাৰ লগতে ড্ৰাগছৰ ব্যৱসায় চলাই আছিল এইচ ৰানীৰৌ নামৰ মণিপুৰৰ এগৰাকী মহিলাই।