১. বন্ধ হব অসমৰ বহুকেইটা চেনেল! তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ঘোষণা
বন্ধ হব অসমৰ বহুকেইটা ইউটিউব চেনেল। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে তথ্য প্ৰযুক্তি নিয়ম, ২০২১-ৰ অধীনত জৰুৰীকালীন ক্ষমতা ব্যৱহাৰ কৰি সোমবাৰৰ পৰা বাইশটা ইউটিউবৰ বাতৰি চেনেল, তিনিটা টুইটাৰ একাউণ্ট, এটা ফে’চবুক একাউণ্ট আৰু এটা বাতৰি ৱেবছাইট অৱৰোধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে।
২. অকলশৰীয়া মাতৃক এৰি ULFA লৈ ডিব্ৰুগড়ৰ বিজু
নিষিদ্ধ ঘোষিত সংগঠন ULFA (স্বাধীন)-ত যোগদান কৰিছে উজনিৰ এজনৰ পাছত আন এজন যুৱকে৷ শেহতীয়াকৈ ডিব্ৰুগড় জিলাৰ মৰাণৰ দুজনকৈ যুৱকৰ ULFA (স্বাধীন)-ত যোগদানে চিন্তিত কৰিছে পৰিয়ালক৷ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ধেমেচী হালধিবাৰী গাঁৱৰ বিজু বৰগোহাঁইৰ যোগদানৰ পাছতে আন এজনে যুৱকে যোগদান কৰাৰ তথ্য পোহৰলৈ আহিছে৷
৩. ৰাহুল গান্ধীক বৃদ্ধা আৱাসৰ বৃদ্ধই দিলে ৫০ লাখ টকা, ১০ তোলা সোণ
কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীলৈ এগৰাকী বৃদ্ধৰ জীৱনৰ সকলো আৰ্জিত ধন হস্তান্তৰ কৰা ঘটনাই সমগ্ৰ দেশতে ব্যাপক চৰ্চা চলিছে। ডেৰাডুনৰ এটা বৃদ্ধ আৱাসত থকা ৭৯ বছৰীয়াই বৃদ্ধাগৰাকীয়ে তেওঁৰ সম্পত্তিৰ মালিকিস্বত্ব ৰাহুল গান্ধীলৈ হস্তান্তৰ কৰি ন্যায়ালয়ত ইচ্ছাপত্ৰ দাখিল কৰিছে।
৪. সংকটঃ দৈনিক মজুৰী ৫০০, গাখীৰৰ মূল্য ৭৯০, খাদ্যৰ বাবে প্ৰয়োজন ২৫০০!
অৰ্থনৈতিক বিপৰ্যয়ে ভয়ানক অৱস্থাৰ সৃষ্টি কৰিছে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত।দেশখনৰ বৰ্তমানৰ পৰিস্থিতিয়ে অতিশীঘ্ৰে ভাৰতকো যে স্পৰ্শ কৰিব সেই কথা নিশ্চিত। ইতিমধ্যে শ্ৰীলংকাৰ পৰা বহু লোকৰ ভাৰতলৈ আগমন ঘটিছে। অনুমান কৰা হৈছে শ্ৰীলংকাৰ পৰা হাজাৰ হাজাৰ শৰণাৰ্থীৰ ভাৰতলৈ আগমন ঘটিব।
৫. মাজুলীত অঘটনঃ ফেৰীৰ পৰা লুইতত জাঁপ যুৱকৰ
মাজুলীত পুনৰ অঘটন। RPL ডিগাৰু নামৰ ফেৰীখনৰ পৰা ব্রহ্মপুত্রত জাঁপ দিলে এজন যুৱকে।
নিমাতীৰ পৰা কমলাবাৰী ঘাট অভিমুখী ফেৰীত এই অঘটন। আত্মহত্যাৰ উদ্দেশ্যেৰে লুইতত জাঁপ দিছিল যুৱকজনে।