১. উত্তৰ পূবৰ পৰা প্ৰত্যাহাৰ হ’ব AFSPA!
উত্তৰ পূৰ্বাঞ্চলত জাপি থোৱা সশস্ত্ৰ সেনা বাহিনী বিশেষ আইন চমুকৈ AFSPAৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসম, মণিপুৰ আৰু নাগালেণ্ডৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই বিশেষ সিদ্ধান্ত। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে অসম, মণিপুৰ আৰু নাগালেণ্ডত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ (AFSPA) অধীনৰ এলেকাসমূহ হ্ৰাস কৰা হৈছে।
২. নৰসংহাৰত জড়িত পাকিস্তানঃ অৱশেষত দোষ স্বীকাৰ দেশখনৰ
পাকিস্তানৰ ৰাজনৈতিক নেতাসকলৰ এজনে আনজনলৈ বোকা ছটিওৱাৰ প্ৰৱণতাই আন্তৰ্জাতিক প্ৰেক্ষাপটত দেশখনক হীন কৰিবলৈও যেন কুণ্ঠাবোধ নকৰে। শেহতীয়াকৈ, পাকিস্তানৰ অভ্যন্তৰীণ মন্ত্ৰী শ্বেখ ৰছিদে মৃত সন্ত্ৰাসবাদী আজমল কাচাবৰ কথা উল্লেখ কৰি কয় যে, পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে আজমল কাছাবৰ তথ্য ভাৰতলৈ প্ৰেৰণ কৰিছিল।
৩. অখিল গগৈৰ ভোট আটাইতকৈ সন্দেহজন!
আজি পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হৈছে ৰাজ্যসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভোটদান সাব্যস্ত কৰাৰ পিছত শাসকীয় অথবা বিৰোধী শিৱিৰৰ প্ৰায় সকলো বিধায়কেই নিজ নিজ দলৰ প্ৰাৰ্থী জয়ী হ’ব বুলি দাবী কৰিছে যদিও ৰাজ্যসভাৰ নিৰ্বাচনত এইবাৰ ক্ৰচ ভোট হোৱাৰ আশংকা ঘণীভূত হৈছে।
৪. আজি ৰাজ্যসভাৰ নিৰ্বাচনঃ ৯বজাৰ পৰা ভোটগ্ৰহণ
আজি অনুষ্ঠিত হৈছে ৰাজ্যসভাৰ নিৰ্বাচন। অসমৰ দুখন আসনৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ পুৱা ৯ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হয়। বিয়লি ৪ বজালৈকে ভোটগ্ৰহণ প্ৰক্ৰিয়া চলিব আৰু ৫ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা প্ৰক্ৰিয়া। সন্ধিয়া ৬বজাত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।
৫. মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিৰোধীৰ ৭টা ভোট অতিৰিক্তভাৱে লাভ কৰিব!
বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে লাভ কৰিব বিৰোধীৰ ৭টা ভোট। ৰাজ্যসভাৰ দুখন আসনৰ বাবে চলি থকা ভোটগ্ৰহণৰ মাজতে সকলোকে একপ্ৰকাৰৰ স্তম্ভিত কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই এইদৰে ঘোষণা কৰে।