১. সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈULFAৰ বিশেষ আহ্বান
ULFAৰ সৈতে কোনোধৰণৰ সম্পৰ্ক নাছিল সূৰজ গগৈৰ। সূৰজ গগৈৰ মৃত্যুৰ পিছতে এক বিবৃতিৰ জৰিয়তে আলফাই এই কথা স্পষ্ট কৰিছে। বিগত ৩ মাৰ্চ তাৰিখে আৰক্ষীয়ে ULFAৰ যোগাযোগকাৰী বুলি সন্দেহ কৰি আটক কৰে আৰু পৰৱৰ্তী সময়ত গুলীয়াই আহত কৰিছিল। আৰক্ষীৰ গুলী লাগিছিল সূৰজ গগৈৰ ভৰিত।
২. মূল্যবৃদ্ধিৰ বিৰোধিতাৰে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদ আছুৰ
পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰে আছুয়ে। বুধবাৰে কুঁৱৰীটোলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
৩. দুই কিশোৰীক বলাৎকাৰ আৰু হত্যাকাণ্ডৰ ৰায়দান!
ৰাজ্য কঁপোৱা অভয়াকুটি হত্যাকাণ্ডৰ ৰায়দান। উল্লেখ্য যে, যোৱা ২০২১ৰ ১০ জুনত সংঘটিত হৈছিল অভয়াকুটিত নৃশংষ হত্যাকাণ্ড। দুগৰাকী নাৱালিকাক বলাৎকাৰ কৰি হত্যা কৰিছিল তিনি যুৱকে। তাৰ পাছতেই ১১ জুনত গছত চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ হৈছিল নাৱালিকা দুগৰাকীৰ মৃতদেহ।
৪. মহানগৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
গুৱাহাটীৰ হাতীগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যু। পেৰেডাইজ ইন’ৰ ওপৰত অৱস্থিত ৰাজপেলেচ হোটলত উদ্ধাৰ যুৱকৰ মৃতদেহ। মৃত যুৱকজন কামৰূপৰ ডিমুৰ ধ্রুৱজ্যোতি ডেকা বুলি জানিব পৰা গৈছে। ধ্রুৱজ্যোতি ডেকা ফাইনেন্স কোম্পানীত কৰ্মৰত আছিল। জানিব পৰা মতে নিশা তিনি যুৱকৰ সৈতে প্রৱেশ কৰিছিল হোটেলখনত।
৫. অসম–মেঘালয় সীমান্তত পুনৰ উত্তেজনা
পশ্চিম কাৰ্বি আংলং জিলাৰ অসম -মেঘালয় সীমান্তত উত্তেজনা অব্যাহত আছে । মেঘালয়ৰ একাংশ দুস্কৃতিকাৰীয়ে শ্বিলঙৰ পৰা উমলাফেৰলৈ আহি থকা অৱস্থাত দুই অসমীয়া যুৱকক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। তাৰ পিছত পুনৰ মঙলবাৰে নিশা দুস্কৃতিকাৰীয়ে সীমান্তৰ হাবাং অঞ্চলৰ লক্ষ্মণ থাপা নামৰ ব্যক্তিজনৰ বাসগৃহৰ লগতে পশুধন থকা এটা গোহালিত অগ্নিসংযোগ কৰে।