১. আচৰিত! গুৱাহাটীত ২৪ ঘন্টাৰ ভিতৰতেই উদ্ধাৰ আন এটা মৃতদেহ
সোমবাৰে পুৱা গুৱাহাটীত পুনৰ আন এজন লোকক মৃত অৱস্থাত পোৱা গৈছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি,ব্যক্তিজনক হামিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে । উল্লেখ্য যে এই মৃতদেহটো গান্ধী বস্তিৰ ওচৰৰ এটা নলাত পোৱা গৈছিল। মৃত ব্যক্তিজন ব্যৱসায়ী আছিল বুলি জানিব পৰা গৈছে। বৰ্তমানো এই ব্যক্তিজনৰ মৃত্যুৰ ৰহস্য জানিব পৰা হোৱা নাই।
২. অচিৰেই শেষ হ’ব গুৱাহাটীৰ কৃত্ৰিম বানপানী!
গুৱাহাটী মহানগৰবাসীয়ে সন্মুখীন হৈ অহা সমস্যা সমাধানৰ বাবে বিজেপিয়ে গ্ৰহণ কৰিব সকলো ধৰণৰ ব্যৱস্থা। গুৱাহাটীৰ শ্ৰীবৃদ্ধি কৰিবলৈ বিজেপিয়ে গ্ৰহণ কৰিছে সংকল্প। সোমবাৰে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিয়ে উন্মোচন কৰিলে সংকল্প পত্ৰ। এই সংকল্প পত্ৰত বিজেপিয়ে মহানগৰবাসীক দিলে বহু কেইটা প্ৰতিশ্ৰুতি।
৩. চৰকাৰক শীঘ্ৰেই ৪১১ গৰাকী তৃতীয় সহকাৰী শিক্ষকৰ পদ প্রাদেশিকীকৰণৰ দাবী
৪১১ গৰাকী তৃতীয় সহকাৰী শিক্ষকৰ পদ অতি শীঘ্ৰে প্রাদেশিকীকৰণৰ ব্যবস্থা কৰিবলৈ দাবী জনাইছে নিম্ন প্রাথমিক বিদ্যালয়ৰ কৰ্মৰত তৃতীয় সহকাৰী শিক্ষক সন্থা অসমে। সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত সোমবাৰে চন্দ্ৰপ্ৰভা শইকীয়ানী ভবনত অনুষ্ঠিত এখন সংবাদমেলত সন্থাৰ সভাপতি বিশ্বজিৎ ছেত্রীয়ে কয়-বিদ্যালয়খন প্রাদেশিকীকৰণ নোহোৱাৰ অৱস্থাতেই বিদ্যালয় পৰিচালনা সমিতিয়ে প্ৰথম আৰু দ্বিতীয় শিক্ষকৰ দৰেই নিযুক্তি দিছিল যদিও কোনো এখন চৰকাৰে পদ সমূহ প্রাদেশিকীকৰণৰ ব্যৱস্থা আজিকোপতি গ্ৰহণ নকৰিলে।
৪. NDRFৰ ভূমিকম্প – অগ্নিকাণ্ডত আক্ৰান্ত লোকক উদ্ধাৰ কৰা বিষয়ক কলা কৌশল প্ৰদৰ্শন
মহানগৰীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হোৱা ৰঙালী উৎসৱৰ লগত সংগতি ৰাখি অলপতে কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (DDMA)উদ্যোগত অনুষ্ঠিত হয় ভূমিকম্প আৰু অগ্নিকাণ্ডৰ দৰে ঘটনা সংঘটিত হলে আক্ৰান্ত লোকক উদ্ধাৰ কৰা বিষয়ক এক যৌথ আখৰা সম্পন্ন হয়।
৫. ৰাংঢালী ৰঙালীক আদৰক, জৰিমনাক নহয়!
বিগত বৰ্ষৰ ডিচেম্বৰ মাহত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পথ সুৰক্ষা দিশটোৰ প্ৰতি গুৰুত্ব আৰোপ কৰি পৰিবহণ বিভাগ আৰু অসম আৰক্ষীক ৰাজহ সংগ্ৰহৰ সমান্তৰালভাৱে এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষৰে কাম কৰিবলৈ নিৰ্দেশনা দিছে। আনকি নৱবৰ্ষক আদৰাৰ নামত যোৱা ৩১ ডিচেম্বৰ আৰু পহিলা জানুৱাৰীত যাতে কোনেও সুৰাপান কৰি ৰাজপথত বাহন নচলাই তাৰ বাবে আৰক্ষী আৰু পৰিবহণ বিভাগে মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যজুৰি বিশেষ অভিযান চলাইছিল।