১ কি কি আছে ২০২২-২৩ বৰ্ষৰ বাজেটত ?
বুধবাৰে সদনত দাখিল কৰা হয় ২০২২-২৩ বৰ্ষৰ বাজেট । এই বাজেটত উচ্চ শিক্ষাৰ অনুষ্ঠানৰ বাবে বিত্তীয় অনুদান ঘোষণা কৰা হৈছে ।
বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেটত ৬ খন বিশ্ববিদ্যালয়ৰ বাবে ৫০ কোটিকৈ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে । মাজুলী বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়লৈ আগবঢ়োৱা হৈছে এই অনুদান ।
২যাত্ৰীবাহী বাছত উদ্ধাৰ মাৰণাস্ত্ৰ
বোকাজান আৰক্ষীৰ নিয়মীয়া তালাচীত খটখটীত যাত্ৰীবাহী বাছত উদ্ধাৰ হয় মৰনাস্ত্ৰ।
মন জিলা অভিমুখী বাছত উদ্ধাৰ দুটা ফেক্টৰীত নিৰ্মিত পইন্ট 32 পিষ্টল, দুটা মেগজিন আৰু দুটা ৱাকি টকী।
৩এইবেলি স্বাধীনতা দিৱসত মুকলি হ’ব গুৱাহাটী – উত্তৰ গুৱাহাটী সংযোগী ছয়লেনযুক্ত দলং
২০১৬ চনত প্ৰথমবাৰৰ বাবে শাসনলৈ অহা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ উল্লেখনীয় কামৰ ভিতৰত অন্যতম আছিল ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটী – উত্তৰ গুৱাহাটী সংযোগী ছয়লেনযুক্ত নিৰ্মাণ কার্য।
৪ চাইল্ড লাইনৰ অভিযানত উদ্ধাৰ দুই শিশু
তিনিচুকীয়া জিলাৰ ডুমডুমাত আজি আৰক্ষী আৰু চাইল্ড লাইনৰ অভিযানত এখন হোটেলৰ পৰা দুটি শিশু শ্রমিক উদ্ধাৰ কৰা হৈছে।
৫ আইমি বৰুৱাই মুকলি কৰিলে ছবিগৃহ
ক’ভিডৰ লগতে আন আন বহু কাৰণৰ বাবে ৰাজ্যৰ বহু চলচিত্ৰ গৃহ বন্ধ হৈ পৰাৰ সময়তে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰ বিমানবন্দৰৰ সমীপত আজাৰা ভি আই পিত নতুনকৈ নিৰ্মাণ কৰা “আৰ আৰ চিনেমাছ” নামৰ এটা অত্যাধুনিক শীত-তাপ নিয়ন্ত্ৰিত ছবিগৃহ মুকলি কৰা হয়।