১ ধৰ্ষণকাৰীক এনকাউন্টাৰৰ পাছতো পুনৰ মহানগৰীত জীয়ৰীৰ শ্লীলতা হানি
বৰ্তমান সময়ছোৱাত ধৰ্ষনকাণ্ডৰ লগত জৰিত অভিযুক্তক আৰক্ষীৰ জালত পেলাবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত আছে । কিন্তু তাৰ পাছতো যেন একাংশই কেৰেপ কৰা নাই আৰক্ষীক । হোলীৰ উৎসাহৰ মাজতে মহানগৰীৰ বেলতলাত পুনৰ চাঞ্চল্যকৰ ঘটনা ৷ ফাকু সনাৰ চলেৰে ১৩ বছৰীয়া কিশোৰীক শ্লীলতা হানিৰ অভিযোগ ৷
২ যৌতুকৰ বাবেই পত্নীক হত্যাৰ চেষ্টা মহানগৰীত !
মহানগৰীত যৌতুকৰ বাবেই সংঘটিত হৈছে ভয়ংকৰ ঘটনা। সাধাৰণ যৌতুকৰ বাবেই পত্নীক হত্যাৰ চেষ্টা স্বামীৰ। ফটাশিল আমবাৰীৰ চেগুণবাৰীত সংঘটিত হৈছে এই ঘটনা। উল্লেখ্য যে,পত্নীক হত্যাৰ চেষ্টা প্ৰদীপ তালুকদাৰ নামৰ লোকজনৰ।
৩ কেনেকৈ ফাদিল হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ?
সোমবাৰে অনুষ্ঠিত হ’বলগীয়া আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিত বিষয়ৰ পৰীক্ষা । কিন্তু বৰ্তমান প্ৰশ্নকাকতক লৈ বহু ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হৈছে তীব্ৰ উৎকন্ঠাৰ। শেহতীয়াকৈ ছচিয়েল মিডিয়াৰ যোগেদি বিভিন্ন গ্ৰুপত ভাইৰেল হৈছে গণিতৰ এখন প্ৰশ্নকাকতৰ প্ৰথমটো পৃষ্ঠা।
৪ ৰাছিয়ান সেনাৰ দখলত ইউক্ৰেইনৰ চহৰ
বৰ্তমানো অব্যহত আছে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ । ৰাছিয়াৰ সামৰিক অভিযানে ইতিমধ্যে অতিক্ৰম কৰিলে ২৪ দিন । দুয়োখন দেশৰ মাজৰ এই যুদ্ধৰ ফলত ধ্বংসস্তূপত পৰিণত হৈছে ইউক্ৰেইনৰ বহু চহৰ ।
৫ আজিৰ দিনটোতেই ৰাইজলৈ আগবঢ়োৱা হৈছিল ‘জয়মতী’
জেৰেঙা ৰাঙলী কৰি যোৱা জয়মতীৰ স্মৃতিত অসমৰ ৰাইজক উপহাৰ দিয়া জ্যোতি ককাইদেউৰ সপোনৰ ছবি জয়মতী । আজি অৰ্থাৎ ১৯৩৫ চনৰ ২০ মাৰ্চৰ দিনটোতেই ৰাইজলৈ আগবঢ়োৱা হৈছিল প্ৰথম খন অসমীয়া ছবি জয়মতী ।