১ অসমীয়া ভাষা কোনে জানে? চিৰাজুদ্দিন আজমলৰ প্ৰশ্ন
অসম আৰু অসমীয়াক চূড়ান্ত অপমানৰ ধৃষ্টতা কৰিলে আজমল ভাতৃ চিৰাজুদ্দিন আজমলে। ৰাজনৈতিক ভণ্ডামিৰে চৰ্চাত থকা বদৰুদ্দিন আজমলৰ ভাতৃ তথা বিধায়ক চিৰাজুদ্দিন আজমলৰ অসম তথা অসমীয়াক অপমান কৰাৰ দুঃসাহসে এতিয়া ৰাজ্যত বিতৰ্কৰ সূচনা কৰাৰ লগতে সৰ্বস্তৰতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
২ এপ্ৰিল মাহত ১৫ দিন বেংক বন্ধঃ গ্ৰাহক পৰিব শলঠেকত!
নতুন বিত্তীয় বৰ্ষ ২০২২-২৩ আজিৰে পৰা অৰ্থাৎ ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ল। সমগ্ৰ দেশতে বেংকসমূহ মাহটোৰ ১৫ দিন বন্ধ থাকিব। বেংকবোৰ আজিৰে পৰা একেৰাহে ৫ দিনৰ বাবে বন্ধ থাকিব অৰ্থাৎ ১ এপ্ৰিলৰ পৰা ৫ এপ্ৰিললৈ বেংক বন্ধ থাকিব। অৱশ্যে, এই বন্ধবোৰ সকলো ৰাজ্যতে প্ৰযোজ্য নহয়।
৩ বদৰলৈ দিছপুৰৰ দৰদ! অগৰুৰ গাড়ী নৰখাব, আৰক্ষী অধীক্ষক-উপায়ুক্তলৈ মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশ
হঠাতে বদৰুদ্দিন আজমললৈ দৰদ(!) উপজিল অসমৰ মুখ্যমন্ত্ৰীৰ! হয়, অগৰুৰ ব্যৱসায় বদৰুদ্দিন আজমলৰ লগতে আন আন কাঠ তথা বনজ সম্পদৰ ব্যৱসায়ীলৈ সকাহ দি তেওঁলোকক অনাহক হাৰাশাস্তি নকৰিবলৈ উপায়ুক্ত তথা আৰক্ষী অধীক্ষকলৈ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে।
৪ ৰহস্যজনক অৱস্থাত উদ্ধাৰ নগাওঁ পেপাৰ মিলৰ কৰ্মচাৰীৰ মৃতদেহ
নগাওঁ পেপাৰ মিলৰ এগৰাকী কৰ্মচাৰী ছাৰিফুদ্দিন আহমেদে আজি মৃত্যুক সাৱটি লয়। ইয়াৰ লগে লগে নগাওঁ পেপাৰ মিলৰ কৰ্মচাৰীৰ মৃত্যুৰ সংখ্যাই ১০২ জনৰ ঘৰ স্পৰ্শ কৰিলে। ৫৭ বছৰীয়া ছাৰিফুদ্দিন আহমেদৰ মৃতদেহ ৰহস্যজনকভাৱে পথৰ কাষত উদ্ধাৰ কৰা হৈছে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা ছাৰিফুদ্দিনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা চলি আছিল।
৫ মাজ নিশালৈকে খোলা থাকিল কামৰূপ মহানগৰ DTOৰ কাৰ্যালয়
বিগত বিত্তীয় বৰ্ষৰ অন্তিম দিনটোত মাজ নিশালৈকে কাৰ্যালয় খোলা ৰাখি ৰাজপথত তালাচী চলালে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে৷ যানবাহনৰ নথিপত্ৰ নৱীকৰণ আৰু কৰ অনাদায়কাৰী বাহনৰ বিৰুদ্ধে যোৱা এমাহে বিৰামহীন অভিযান চলোৱাৰ অন্তত বৃহস্পতিবাৰে কোনোৱে যাতে কৰ আদায় নিদিয়াকৈ সাৰি যাব নোৱাৰে তাৰ বাবে প্ৰতিখন বাহনতে তন্নতন্নকৈ তালাচী চলালে অভিযানকাৰী দলে।