পলাশ মদাৰৰ ৰঙতেই আবিৰৰ উন্মাদনা। আবিৰে আনে বসন্তৰ আগমণৰ বতৰা। সমাগত ৰঙৰ উৎসৱ হোলী। উতলা উন্মনা ফাগুণৰ বতৰত আবিৰৰ ৰঙেৰে মতলীয়া হ’ব ৰাজ্যবাসী। হোলীক লৈ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰস্তুতিৰ লগতে উৎসাহ উদ্দিপনা।
ব্যতিক্ৰম নহয় টীয়কৰ লাহদৈগড় ডাঙৰীয়া টোল মন্দিৰো। উল্লেখযোগ্য যে, ইতিহাস গৰকা এই মন্দিৰভাগ ১৬শ শতিকাতে প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰবাদ অনুসৰি আহোম ৰাজত্ব শেষৰ সময়ছোৱাত কেইবাগৰাকীও ৰাজ বিষয়াৰ নেতৃত্বত তথা অঞ্চলবাসীৰ সহযোগত ফাগুনৰ পূৰ্ণিমাৰ দিনা ব্ৰহ্মপুত্ৰৰ বালিৰ পৰা গোবিন্দ প্ৰভুৰ মূৰ্তি তুলি আনি সন্মানেৰে প্ৰতিষ্ঠা কৰা হৈছিল। তেতিয়াৰে পৰা আজি পৰ্যন্ত অঞ্চলবাসীয়ে ফাল্গূৎসৱ উদযাপন কৰি আহিছে।
উল্লেখ্য যে, বৰ্তমানো এই মন্দিৰত প্ৰায় ৬৫টা শালেগ্ৰাম, ৰজাদিনীয়া শৰাই, দবা, পিতলৰ বহু পূজাত ব্যৱহৃত সামগ্ৰী বস্তু ৰাইজে সযতনে ৰাখিছে।
তিনিশ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি এইবাৰো ৰাইজে তিনিদিনীয়াকৈ আয়োজন কৰিছে হোলী উৎসৱ। সেই অঞ্চলটোৰ ৰাইজৰ মাজত উছাহৰ অন্ত নাই। সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে আয়োজন কৰি অহা গোবিন্দ মহাপ্ৰভূ খ্যাত এই মন্দিৰত দিনে নিশাই এতিয়া হোলী গীতৰ ধ্বনি উঠিছে। অৱশ্যে দেশৰ পৰিস্থিতিৰ বাবে বিগত বছৰত উৎসৱটি উলহ মালহে উৎযাপন কৰিব পৰা নাছিল যদিও এইবাৰ পূৰ্ণদমেৰে অঞ্চলৰ শিশুৰ পৰা আদি কৰি বৃদ্ধ বনিতা সকলোৱে আপোন ফাল্গূনী উৎসৱটিক আদৰিবলৈ ব্যস্ত হৈ পৰিছে।