- কলিয়াবৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ চকীত বহিল ৫ বছৰীয়া কণমানি।
- ৫ বছৰীয়া কণমানি মনদ্বীপ শৰ্মা হ’ল আৰক্ষী বিষয়া।
- প্ৰকৃততে ডাঙৰ হৈ IPS বিষয়া হোৱাৰ দুৰ্বাৰ হেঁপাহ আছিল কণমানিটিৰ।
- কলিয়াবৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰুৱাই কিছু সময়ৰ বাবে আৰক্ষীৰ চকীত বহিবলৈ দি আশা পূৰণ কৰে কণমানিটোৰ।
- হাতত জাতীয় পতাকা লৈ ৰাজ্যবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কণমানি মনদ্বীপ শৰ্মাই।