সোণাৰিৰ দুটি শিশুসহ পাচ গৰাকী মহিলা মুঠ সাত জন বিষাক্ত কাঠফুলা ভক্ষণ কৰি ১১ এপ্ৰিলত মৃত্যুৰ মুখত পৰিছে । মৃত লোকসকলৰ সকলৰ নাম ক্ৰমে ৰিমা কৰ্মকাৰ (৩৫ ) তেওঁৰ পুত্ৰ অজয় কর্মকাৰ (১০),ছয়নিকা কর্মকাৰ (১২) জোনাকী প্ৰজা (৩২) , চম্পা কৰ্মকাৰ, সৰুমাই কৰ্মকাৰ আৰু ৰীতা কেওট বুলি জানিব পৰা গৈছে । উল্লেখ্য যে সোণাৰিৰ পাশ্বৱৰ্তী ২ নং লালতিপথাৰ গাঁৱত যোৱা ৬ এপ্ৰিলত দুটি শিশুসহ ৮ গৰাকী লোকে বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ হৈ পৰিছিল ।
পৰৱৰ্তী সময়ত আটাইকে সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসাধীন অৱস্থাতে আক্রান্তসকলৰ পাচ গৰাকী মহিলা আৰু দুটি শিশুয়ে মৃত্যুক সাৱটি লয় । ইফালে তাতেই চিকিৎসাধীন হৈ থকা জোস্না গড়ৰ অৱস্থা সংকটজনক অৱস্থাত জীৱন মৃত্যুৰ সৈতে যুজঁ দি থকা বুলি জানিব পৰা গৈছে ।