- তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এক পদক্ষেপ গ্ৰহণ কৰে।
- নিষিদ্ধ কৰে ৮ টাকৈ ইউটিউব চেনেল।
- ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা, আইন-শৃংখলা আৰু বৈদেশিক সম্পৰ্ক প্ৰভাৱিত কৰা ভিডিঅ’ পৰিৱেশন কৰাৰ অভিযোগত নিষিদ্ধ কৰে এই ৮ টাকৈ ইউটিউব চেনেল।
- এই ৮ টা ইউটিউব চেনেলৰ ভিতৰত প্ৰায় ১১৮ কোটি ভিউয়াৰচ থকা এটা পাকিস্তানৰ ইউটিউব চেনেলও থকা বুলি জানিব পৰা গৈছে।
- বাকী ৭ টা ইউটিউব চেনেল ভাৰতৰ।
- গোটেইকেইটা চেনেলক ইউটিউব চেনেল আই.টি আইন ২০২১ ৰ অধীনত নিষিদ্ধ কৰা হয়।
- উল্লেখ্য যে , ২১ ডিচেম্বৰৰ পৰা বৰ্তমানলৈকে প্ৰায় ১০২ টা ইউটিউব চেনেল ব্লক কৰা হৈছে।