স্কুলীয়া জীৱনৰ সপোনৰ এটা বহু প্ৰত্যাশিত পৰীক্ষা হাইস্কুল শিক্ষাৰ্থী পৰীক্ষা । এইবেলি ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । কিন্তু পৰীক্ষাৰ পূৰ্বে এডমিট কাৰ্ড লাভ নকৰিলে হোজাইৰ লংকা হাইস্কুলৰ বিনীতা দেৱী নামৰ এগৰাকী পৰীক্ষাৰ্থীয়ে ।
ছাত্ৰীগৰাকীয়ে দাবী কৰা অনুসৰি,মেট্ৰিক পৰীক্ষাৰ এডমিটৰ বাবে যাবতীয় সকলো নথি-পত্ৰ বিদ্যালয়ত জমা দিছিল ছাত্ৰীগৰাকীয়ে । ২ মাৰ্চৰ দিনা লংকা হাইস্কুলৰ সকলো পৰীক্ষাৰ্থীয়ে স্কুলৰ পৰা ডমিট কাৰ্ড সংগ্ৰহ কৰিছিল ৷ ইয়াৰ বিপৰীতে বিনীতা দেৱী নামৰ ছাত্ৰীগৰাকীয়ে নাপালে এডমিট কাৰ্ড ।
উল্লেখ্য যে, ছাত্ৰীগৰাকীৰ অভিভাৱকে লংকা হাইস্কুলৰ প্ৰধান শিক্ষক মকবুল হুছেইনক এই সন্দৰ্ভত প্ৰশ্ন কৰে যদিও প্ৰধান শিক্ষক হুছেইনে ছাত্ৰীগৰাকীক ১৫ হাজাৰ টকাৰ প্ৰলোভন দি সমগ্ৰ ঘটনাটোক গাপ দিয়াৰ চেষ্টা কৰে ৷
ভুক্তভোগী পৰিয়ালটোৱে এই অভিযোগ উত্থাপন কৰে ৷ ইফালে মেট্ৰিক পৰীক্ষা দিবলৈ নাপাই মানসিকভাৱে ভাগি পৰিছে ছাত্ৰীগৰাকী ৷
এতিয়া কাৰ গাফিলতিৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বঞ্চিত হ’ব ছাত্ৰীগৰাকী ? কিয় শিক্ষকে ছাত্ৰীগৰাকীৰ জীৱনক লৈ খেলিছে হেতালি ? এই ঘটনাক কেন্দ্ৰ কৰি সচেতন মহলৰ মাজত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।