শনিবাৰে দিল্লীলৈ ৰাওনা হৈছে বদৰুদ্দিন আজমলৰ নেতৃত্বত AIUDFৰ তিনিজনীয়া এটা প্ৰতিনিধি দল ৷ ৰাজ্যসভাত খালী হ’বলগীয়া দুখন আসনৰ এখন AIUDF ৰ প্ৰাৰ্থীৰ বাবে কংগ্ৰেছে এৰি দিব লাগে বুলি আৰ্জি লৈ ৰাওনা হৈছে এটা দল ৷ আজমলৰ উপৰিও দিল্লীলৈ যাত্ৰা কৰা এই দলটোৰ আন দুগৰাকী প্ৰতিনিধি ক্ৰমে,AIUDF ৰ মানকাচৰৰ বিধায়ক আমিনুল ইছলাম আৰু সোণাইৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা ।
শনিবাৰে পুৱা দিল্লী যাত্ৰাৰ পূৰ্বে বিধায়ক আমিনুল ইছলামে কংগ্ৰেছ হাইকমাণ্ডক সাক্ষাৎ কৰি ৰাজ্যসভাৰ এখন আসন AIUDF ৰ প্ৰাৰ্থীৰ বাবে এৰি দিবলৈ আৰু এইক্ষেত্ৰত কংগ্ৰেছে আমাৰ প্ৰাৰ্থীগৰাকীক যাতে সমৰ্থন জনাই তাৰ বাবে অনুৰোধ জনাব বুলি প্ৰকাশ কৰে ।
উল্লেখ্য যে, ছোনিয়া গান্ধী, ৰাহুল গান্ধী, ড৹ কে চি বেণুগোপাল সমন্বিতে কংগ্ৰেছৰ শীৰ্ষ নেতৃবৃন্দক সাক্ষাত কৰিব বুলি প্ৰকাশ কৰে ।
উল্লেখ্য যে, সম্প্ৰতি ধুবুৰীত বাহৰ পাতি থকা সমষ্টিটোৰ সাংসদ AIUDF ৰ সভাপতি বদৰুদ্দিন আজমল হঠাতে অসুস্থ হৈ পৰিছিল যদিও বৰ্তমান তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিছে বুলি জানিবলৈ দিয়ে আমিনুল ইছলামে ।