বৃহস্পতিবাৰে হোজাইৰ সদৰ শংকৰদেৱ নগৰত আমছু হোজাই জিলা সমিতিয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। লামডিং বনাঞ্চলৰ উচ্ছদিত লোকসকলক লগত লৈ আমছুয়ে কৰে এই প্ৰতিবাদ ।
লামডিং সংৰক্ষিত বনাঞ্চলৰ উচ্ছদিত সকলৰ প্ৰাপ্য অধিকাৰ প্ৰাপ্তিৰ দাবীত এই প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসূচী পালন কৰা হয়।
লামডিং বনাঞ্চলৰ উচ্ছেদৰ পূৰ্বে আমছুৰ লগত চৰকাৰ হোৱা আলোচনা মৰ্মে উচ্ছেদিত লোক সকলে লামডিং বনাঞ্চলৰ ভূমিত খেতি কৰা শস্য সমূহ উচ্ছেদিত লোকসকলক আনিবলৈ দিয়া দাবীও জনায় প্ৰতিবাদকাৰীয়ে।
শংকৰদেৱ নগৰৰ কাছাৰী মৈদানৰ পৰা সমদল কৰি আহি উপায়ুক্ত কাৰ্য্যলয়ৰ সম্মূখত প্ৰতিবাদী সকলে সাৱস্ত কৰে এই প্ৰতিবাদ। লগতে হোজাই জিলা উপায়ুক্তৰ জৰিয়তে সামগ্রিক ঘটনা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে ।