দৌৰি দুবাৰকৈ গ্ৰীনিজ বিশ্ব অভিলেখ গঢ়ি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা যুৱ খেলুৱৈ অভিজিত বৰুৱা এইবাৰ আন্ত:ৰাষ্ট্ৰীয় বক্সিঙৰ ৰিংত নামিব। অহা ২৪ এপ্ৰিল তাৰিখে সুদুৰ দিল্লীত ওৱৰ্লড বক্সিং কাউঞ্চিল আৰু এছিয়ান বক্সিং কাউঞ্চিলৰ অধীনত ৰয়েল স্পৰ্চ প্ৰম’চনে আয়োজন কৰা আন্ত:ৰাষ্ট্ৰীয় professional boxing ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব অসম সন্তান অভিজিতে।
উল্লেখযোগ্য যে, অসমৰ হৈ পোন প্ৰথমবাৰৰ বাবে অভিজিত বৰুৱাই এই আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে যাক লৈ এতিয়া সমগ্ৰ অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ মাজত উৎকন্ঠা বৃদ্ধি পাইছে আৰু অতি উৎফুল্লিত হৈ পৰিছে।
ব্যতিক্ৰম নহয় টীয়কতো। টীয়ক বক্সিং একাডেমীৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে প্ৰশিক্ষক তথা অভিভাৱক বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি সকলো গোট খাই অনুশীলনৰ মাজতে তেওঁলোকৰ গুৰু অভিজিত বৰুৱাৰ জয়ী কামনাৰে নেদেখাজনৰ চৰণত এগছি বন্তি,ধূপ জ্বলাই সেৱা আগবঢ়াইছে। লগতে ভগৱানে যাতে তেওঁক অধিক শক্তি দিয়ে আৰু জয়ী হৈ অসমলৈ যাতে পুনৰ গৌৰৱ কঢ়িয়াই আনে তাক কামনা কৰিছে। ইপিনে অভিজিত বৰুৱাৰ জয়ে অনাগত দিনত এইসকল উঠি অহা খেলুৱৈ খেলৰ মানদণ্ড আৰু অধিক উন্নত হ’ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।