জামিনত মুক্তি লাভ কৰিলে ঘড়ী চুৰি প্ৰসংগৰ অভিযুক্ত ৱাজিদ হুছেইেন । বিশ্বৰ কিংবদন্তি ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ ঘড়ী চুৰি প্ৰসংগই ললে নতুন মোৰ ৷ আদালতত তথ্য প্ৰমাণ দিয়াত ব্যৰ্থ হ’ল আৰক্ষী । ফলত শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে ১৫ হাজাৰ টকা বেইল বণ্ডৰ বিনিময়ত মুকলি কৰি দিয়ে ৱাজিদ হুছেইনক । বিগত ১১ ডিচেম্বৰত ৱাজিদ হুছেইনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ।
উল্লেখ্য যে, ডুবাইৰ পৰা প্ৰয়াত মাৰাডোনাৰ HUBLOT কোম্পানীৰ ঘড়ী চুৰি কৰি অনাৰ অভিযোগ উত্থাপিত হৈছিল ৱাজিদ হুছেইনৰ বিৰুদ্ধে। ৱাজিদে চুৰি কৰি অনা বুলি সন্দেহ প্ৰকাশ কৰি আইপেড, টুপি , পুতলা, লাইটাৰ আদিও জব্দ কৰিছিল আৰক্ষীয়ে ।
ইয়াৰ পিছতে, হুছেইনৰ বিৰুদ্ধে ১৩৮৮/২০২১ নং গোচৰৰ ৰুজু কৰি ৩৮০/৪১১ আই পি চিৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল । দুই মাহ ন্যায়িক জিম্মাত আছিল ৱাজিদ হুছেইন । কিন্তু দুমাহে আদালতত প্ৰমাণ দাখিল কৰিব নোৱাৰিলে আৰক্ষীয়ে।