- মঙলবাৰে মালাড আৰক্ষীয়ে অভিনেতা কমল আৰ খানক গ্ৰেপ্তাৰ কৰে।
- মুম্বাইৰ বিমান বন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিনেতাজনক।
- বিগত দুবছৰ পুৰ্বে টুইটাৰত এটা বিতৰ্কিত পোষ্ট কৰিছিল অভিনেতাজনে।
- ধৰ্মৰ ক্ষেত্ৰত বিবাদৰ সৃষ্টি হোৱা ২০২০ চনৰ এই বিতৰ্কিত পোষ্টতোৰ বাবেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিনেতা কে.আৰ.কেক।
- যুৱ সেনাৰ সদস্য ৰাহুল কনালে অভিনেতা গৰাকীৰ বিৰুদ্ধে আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল।
- মুম্বাইৰ ব’ৰীভালি আদালতত হাজিৰ কৰোৱা হয় অভিনেতা কে.আৰ.কেক।