এগৰাকী অভিনেত্ৰীৰ এখন ফটোৱে এতিয়া ছচিয়েল মিডিয়াত এক চৰ্চিত বিষয় হৈ পৰিছে । শ্বেয়াৰ কৰি বিপদত পৰিল পশ্চিম বংগৰ অভিনেত্ৰী শ্ৰাৱন্তী চেতাৰ্জী। ফটো শ্বেয়াৰ কৰি বিতৰ্কৰ মাজত সোমাই পৰিল ৩৪ বছৰীয়া মোহময়ী অভিনেত্ৰীগৰাকী।
ইতিমধ্যে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ৰুজু হৈছে এটা গোচৰ। কিন্তু কিয় এখন ফটোৰ বাবেই এনে বিপদত পৰিল অভিনেত্ৰী গৰাকী? এই ফটোখনত দোষী সাব্যস্ত হ’লেই শ্ৰাৱন্তী চেতাৰ্জী যাব পাৰে জে’ললৈ। কি অপৰাধ কৰিলে শ্ৰাৱন্তীয়ে?অভিনেত্ৰী শ্ৰাৱন্তীয়ে বিগত ১৫ জানুৱাৰীত তেওঁৰ ফেচবুক একাউণ্টত শ্বেয়াৰ কৰিছিল এখন ফটো। সেই ফটোখনত শ্ৰাৱন্তীয়ে শিকলিৰে বন্ধা এটা নেউল হাতত লৈ থকা পৰিলক্ষিত হৈছিল।
ফটোখন শ্বেয়াৰ কৰি শ্ৰাৱন্তীয়ে কেপচনত লিখিছিল- ‘‘হঠাৎ এজন মৰমলগা কণমানি বন্ধুক লগ পালোঁ।’’ ফটোখন শ্বেয়াৰ কৰাৰ পিছতে শ্ৰাৱন্তীক লৈ ছ’চিয়েল মিডিয়াত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। শ্ৰাৱন্তীৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘন কৰাৰ অভিযোগ উত্থাপন হৈছে। শ্ৰাৱন্তীৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইন,১৯৭২ৰ ধাৰা ৯, ১১, ৩৯, ৪৮এ, ৪৯ এৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে।