২০২২ চনৰ শেষৰফালে মুকলি হ’ব AIIMS। ইপিনে ২০২৩ চনত মুকলি হ’ব উত্তৰ দক্ষিণ গুৱাহাটী সংযোগী দলং । এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে AIIMSত চিকিৎসাৰ বাবে অহা ৰোগী-অভিভাৱক থাকিব পৰাকৈ পৰ্যটক নিবাস নিৰ্মাণ কৰা হ’ব। ৪৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’ব পৰ্যটক নিবাস। দুই বছৰৰ ভিতৰত সমগ্ৰ প্ৰকল্প সম্পন্ন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
অসম দেশৰ ভিতৰতে অগ্ৰণী ৰাজ্য বুলি অভিহিত মুখ্যমন্ত্ৰীৰ। অসমৰ প্ৰতিটো উপায়ুক্ত কাৰ্যালয়ৰ লগত ইণ্টিগ্ৰেডেত কাৰ্যলয় নিৰ্মাণৰ পৰামৰ্শ প্ৰদান কৰে। প্ৰথমবাৰৰ বাবে কামৰূপ জিলাত এই কাম আৰম্ভ হ’ব। পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ গঢ়ি তোলা হ’ব উত্তৰ গুৱাহাটী। আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন ক্ৰীড়া একাডেমি নিৰ্মাণৰ লক্ষ্য ৰাজ্য চৰকাৰৰ।