পুনৰ মুখ্যমন্ত্রীক সমালোচনা অখিল গগৈৰ। নগাঁৱত শনিবাৰে আৰক্ষীয়ে এজন ছাত্ৰ নেতা কীৰ্তি কমল বৰাক গুলিয়াই আহত কৰা ঘটনাটোক গৰিহণা দিছে ৰাইজৰ দলে । দেওবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত বিধায়ক অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ তেওঁ কয় যে, অসমত বৰ্তমানলৈকে এনকাউন্টাৰত ৩১ জন মানুহক হত্যা কৰা হ’ল । ন্যায় বহিভূৰ্ত হত্যা কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে।
নগাঁৱৰ শেহতীয়া ঘটনাই চৰকাৰ আৰু অসম আৰক্ষীৰ প্ৰকৃত স্বৰূপ উদঙাই দিলে । চৰকাৰক তীব্ৰ সমালোচনা কৰি বিধায়ক গৰাকীয়ে ৰাজ্যত হিমন্ত বিশ্ব চৰকাৰৰ দিনত মুক্ত হত্যা চলিছে বুলি মন্তব্য কৰে ।
প্ৰায়ভাগ এনকাউন্টাৰে ভূৱা এনকাউন্টাৰ হোৱাৰ লগতে এনকাউন্টাৰ কৰাৰ পিছত মিছা অভিযোগ দি অভিযুক্ত জনক দোষী সজোৱাটো হিমন্ত চৰকাৰৰ শাসনৰ ধাৰণা । অসমত এতিয়া আৰক্ষীয়ে মন গ’লেই ৰাইজক গুলিয়াই দিব পাৰে । নগাঁৱৰ ঘটনাই প্ৰমাণ কৰিলে যে অসমৰ নাগৰিক সকল সুৰক্ষিত নহয় ।
ইপিনে, আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ দিনতে ৰাজ্যৰ ভিতৰত নগাঁৱত সৰ্বাধিক এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছে যদিও সংবাদ মাধ্যমে হিৰ’ বনাবলৈ চেষ্টা কৰি আছে বুলিও অভিযোগ কৰে গগৈয়ে ।
আনহাতে, কীৰ্তি কমল বৰাৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণৰ লগতে সমগ্ৰ ঘটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে তদন্ত কৰাৰ দাবী জনায় অখিল গগৈয়ে ।