বেকী নদীৰ গৰাখহনীয়াত ৰাইজৰ ক্ষতি হ’লে জগৰীয়া হ’ব ৰাজ্য চৰকাৰ ৷ বৃহস্পতিবাৰে বেকী নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰি সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷
উল্লেখ্য যে, বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শওপুৰত বৃহস্পতিবাৰে কৰাৰকুৰ বেকী নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে বিধায়ক অখিল গগৈয়ে । বেকী নদীৰ গৰাখহনীয়াই আংশিকভাৱে উটুৱাই নিয়া দ্বিতীয় বিকল্প ৰাজ্যিক ঘাইপথ তথা নৈৰ কাষৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰি সেই অঞ্চলৰ সমস্যাসমূহ বুজ লয় বিধায়কগৰাকীয়ে ৷
নৈ কাষৰীয়া এই অঞ্চলৰ মূল সমস্যা গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ শীঘ্ৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক দাবী জনায় অখিল গগৈয়ে ৷
ইয়াৰ উপৰি তেওঁ কয় যে, ১২০ কোটি টকীয়া আঁচনিৰ নিবিদা পাচ কৰি কাম কৰোতে বহু সময় লাগিব । সেয়ে সেই আঁচনিৰ বাবে অপেক্ষা কৰি থাকিলে এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ ব্যাপক ক্ষতি হ’ব । গতিকে তৎকালীনভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা হাতত ল’ব লাগে । অন্যথা বেকী নদীৰ গৰাখহনীয়াত ৰাইজৰ ক্ষতি হ’লে চৰকাৰ জগৰীয়া হ’ব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷আনহাতে,ৰাজ্যৰ ভিন্ন অঞ্চলত চৰকাৰে চলোৱা উচ্ছেদ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক অখিল গগৈয়ে ৷ এই উচ্ছেদ কাৰ্য বিজেপিৰ এক ৰাজনৈতিক হাথিয়াৰ বুলি অভিহিত কৰে বিধায়কগৰাকীয়ে ।