বুধবাৰে পুৱা ৯ বজাত দিছপুৰস্থিত আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ সমীপত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত কেইবাটাও দাবী উত্থাপন কৰে বিধায়ক গৰাকীয়ে।
তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়দুটা ইংৰাজী মাধ্যম কৰাৰ ক্ষেত্ৰত বিৰোধিতা কৰি, এই নিয়ম কাৰ্যকৰী নকৰিবলৈ দাবী জনাই বিধায়ক অখিল গগৈয়ে। লগতে, বিদ্যালয় প্ৰাদেশিকৰণ নকৰা সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাই বিধায়ক অখিল গগৈয়ে। মাতৃভাষাত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত NEP 2020 ৰ 4.14 আৰু 1.11 নিৰ্দেশনা বাহাল ৰখাৰো দাবি উত্থাপন কৰে শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে।