দক্ষিণ কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত আৰু ছয়গাঁও মহাবিদ্যালয়ৰ IQAC সহযোগত দুখনকৈ কুইজ প্ৰতিযোগিতা মহাবিদ্যালয়ৰ চম্পকজ্যোতি প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়
প্ৰয়াত খগেন বায়ন সোঁৱৰণী সদৌ অসম ভিত্তিক মুকলি কুইজ প্ৰতিযোগিতা আৰু প্ৰয়াত ভূপেন ঠাকুৰীয়াৰ সোৱৰণী
আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা দুখনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৫৬ টা দলে অংশ গ্ৰহণ কৰে ।
উক্ত অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, ছয়গাঁও মহাবিদ্যালয় অধ্যক্ষ নৱ কলিতাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।
আন্তঃবিদ্যালয় প্ৰতিযোগিতা – ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অবিনাশ দাস- অভিজিৎ দাসে প্ৰথম স্থান , মাধৱ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্ঞানজ্যোতি নাথ- ভাৰ্গৱ কলিতাই দ্বিতীয় স্থান , জাতীয় বিদ্যালয় ছয়গাঁৱৰ কল্পজ্যোতি কলিতা – চফিজ ইছলামে তৃতীয় স্থান লাভ কৰে ।
অন্যহাতে, মুকলি কুইজত -ভূপাল শৰ্মা-ৰুবুল কলিতাই প্ৰথম , দুল হাজৰিকা -ৰাজিব্ৰল আৱাল দ্বিতীয় আৰু বিশ্বজিৎ শৰ্মা,কমল দাসে তৃতীয় স্থান লাভ কৰে উল্লেখ যে, কুইজ প্ৰতিযোগিতা দুখন ক্ৰমে – কল্পজ্যোতি কলিতা, বনজিৎ কলিতা আৰু মানস প্ৰীতম দাসে পৰিচালনা কৰে। দক্ষিণ কামৰূপ কুইজ ফ’ৰামৰ এই পদক্ষেপৰ বাবে কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।