মঙ্গলবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে মুকলি কৰিলে সদ্ভাৱনা প্ৰকল্প। জনতা ভৱনত পৰি থকা ফাইলসমূহৰ কাম শেষ কৰিবৰ বাবে হাতত লোৱা এই সদ্ভাৱনা প্ৰকল্পৰ বাবে মঙ্গলবাৰেই মুকলি কৰা হৈছে এটা পৰ্টেল। এই পৰ্টেলৰ জৰিয়তেই এতিয়া সমাপ্ত কৰা হ’ব পৰিত্যক্ত ফাইলসমূহৰ কাম।
এই প্ৰকল্পৰ জৰিয়তে জনতা ভৱনৰ পূৰণি ফাইলৰ কাম নিস্পত্তি কৰাৰ লগতে ইয়াৰ বাবে অন্তিম সময়সীমা ১৪ আগষ্টৰ নিশা ১২ বজা নিৰ্ধাৰণ কৰা হৈছে। লক্ষ্য অনুসৰি ১৪ আগষ্টৰ নিশা ১২ বজাৰ পূৰ্বে সম্পন্ন হ’ব জনতা ভৱনৰ পুৰণি সকলো ফাইল ৷ ইয়াৰ বাবে ফাইলৰ গৰাকীসকলে আগন্তুক দুটা মাহৰ ভিতৰত পৰ্টেল যোগে দাখিল কৰিব লাগিব নিজৰ ফাইল নম্বৰ অথবা উপায়ুক্তৰ যোগে প্ৰেৰণ কৰা পত্ৰ। নতুনবাসঞ্চালকৰ যোগে প্ৰেৰণ কৰা পত্ৰ হ’লেও হ’ব ৷
অসমৰ জনসাধাৰণে এই বিষয়ে জানিব পৰাকৈ পৰ্টেলৰ সকলো তথ্য বহুল ভাৱে প্ৰচাৰ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ ৰাজ্য চৰকাৰৰ লক্ষ্য অনুসৰি ২০২৩ চনৰ ১০ মে’ৰ ভিতৰত জনতা ভৱনৰ সকলো ফাইল কাগজবিহীন কৰা হ’ব।