এজন ব্যতিক্ৰমী প্ৰতিভাৰ অধিকাৰী তাৰকা প্ৰয়াত সুশান্ত সিং ৰাজপুতলৈ আমেৰিকাই যাঁচিলে বিশেষ সন্মান ৷ আমেৰিকা যুক্তৰাষ্ট্ৰই উদযাপন কৰিব সুশান্ত মুন দিৱস ।
আমেৰিকান লুনাৰ ছ’চাইটিয়ে নিজৰ ৱেবছাইটত প্ৰকাশ কৰা অনুসৰি , প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ জন্মদিনটোক আগন্তুক বৰ্ষৰ পৰা সুশান্ত মুন দিৱস হিচাপে উদযাপন কৰিব ৷ ২১ জানুৱাৰী ২০২৩ ৰ পৰা আমেৰিকাই পালন কৰিব এই দিৱস ৷
উল্ল্খ্য যে, বৰ্তমানো অনুৰাগী সকলৰ মনত সজীৱ হৈ আছে অভিনেতা সুশান্ত সিং ৰাজপুত । অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাতৰিয়ে এতিয়াও জোকাৰি যাই সকলো অনুৰাগীক ৷
ইপিনে আজি পৰ্যন্ত সুশান্ত সিঙৰ মৃত্যুৰ ৰহস্য উদঘাটন নহ’ল ৷ ২০২০ চনৰ ১৪ জুনত নিজৰ ৰূমত উদ্ধাৰ হৈছিল সুশান্তৰ মৃতদেহ ৷ এনে সময়তে আমেৰিকাই সুশান্তৰ অনুৰাগীলৈ লৈ আহিছে এটা সুখবৰ । আমেৰিকাই উদযাপন কৰিবলৈ লৈছে সুশান্ত মুন দিৱস ৷ তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে আমেৰিকান লুনাৰ ছ’চাইটিয়ে ৷
মহাকাশৰে সৈতে সুশান্তৰ আছিল দুৰ্বাৰ প্ৰেম ৷ মন কৰিবলগীয়া যে, ইন্ষ্টাগ্ৰামতো সুশান্তে মাজে-সময়ে গেলেক্সীৰ ফটো আপলোড কৰা দেখা গৈছিল ৷ মহাকাশৰ প্ৰতি থকা সুশান্তৰ এই দুৰ্বলতাৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকান লুনাৰ ছ’চাইটিয়ে ঘোষণা কৰিলে সুশান্ত মুন দিৱসৰ কথা ৷
উল্লেখ্য যে, ‘চন্দা মামা দূৰ কে’ শীৰ্ষক ছবিত অভিনয় কৰাৰ কথা আছিল সুশান্তৰ ৷ ছবিখনৰ বাবে চুক্তিত চহীও কৰিছিল অভিনেতাগৰকীয়ে ৷ এই ছবিখনত সুশান্তে এজন মহাকাশচাৰীৰ চৰিত্ৰ ৰূপায়ন কৰাৰ কথা আছিল ৷ চৰিত্ৰৰ সৈতে একাত্ম হ’বলৈ সুশান্ত নাছা পৰ্যন্ত গৈছিল ৷ কিন্তু সুশান্তৰ মৃত্যুৰ পিছত ছবিখনৰ কামকাজ সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিল ৷