এণ্টাৰ্কটিকাৰ বৰফ পৃষ্ঠৰ তলত আন এখন বিচিত্ৰ পৃথিৱী আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে বিজ্ঞানীসকল। এণ্টাৰ্কটিকাৰ বৰফৰ পৃষ্ঠৰ তলত আছে এটা ভূগৰ্ভস্থ নদী আৰু অন্ধকাৰ গুহা। সেই গুহাত কেতবোৰ সৰু সৰু জন্তুৱে বাস কৰি আছে ,যিবোৰ দেখিবলৈ মিছামাছৰ দৰে। বিজ্ঞানীসকলে এণ্টাৰ্কটিকাৰ পূব উপকূলৰ সৈতে সংলগ্ন লাৰ্চেন আইচ শ্বেল্ফৰ তলত এই বিচিত্ৰ পৃথিৱী খনৰ সন্ধান লাভ কৰিছে।
লাৰ্চেন আইচ শ্বেল্ফ হৈছে পৃথিৱীৰ সৰ্ববৃহৎ আইচবাৰ্গ। এই আইচবাৰ্গটো ২০২১ চনত ভাঙি পৰিছিল। উল্লেখ্য এণ্টাৰ্কটিকাৰ বৰফৰ তিনি শতাংশই পেংগুইনৰ মূত্ৰৰে গঠিত। বৰফেৰে ভৰি থকা এণ্টাৰ্কটিকাৰ বৰফৰ ৩ শতাংশই সৃষ্টি হৈছে পেংগুইনৰ প্ৰস্রাৱৰ পৰা। আচৰিত যেন লাগিলেও এয়া সম্পূৰ্ণ সঁচা কথা। পেংগুইনৰ সৈতে সহাৱস্থান কৰি থকা বিজ্ঞানী সকলে প্ৰাণীবিধৰ কেতবোৰ ৰোমাঞ্চকৰ তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে। অত্যধিক শীতৰ বাবে পেংগুইনে কৰা প্ৰস্রাৱ দেহৰ বাহিৰৰ পৰিবেশ পোৱাৰ লগে লগে বৰফলৈ ৰূপান্তৰিত হয়। এণ্টাৰ্কটিকাৰ বৰফ উত্তাপত গলি যোৱাৰ কোনো সম্ভাৱনা নথকাৰ বাবেই তাত পেংগুইনৰ প্ৰস্রাৱ বৰফৰ ৰুপতে সঞ্চিত হৈ ৰৈছে।