দেওবাৰে ঘোষণা হ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলফল। উল্লেখ্য যে,অসম প্ৰদেশ কংগ্ৰেছে এখনো আসন লাভ কৰিব নোৱাৰিলে। ৫৪টা ৱাৰ্ডৰ এটা ৱাৰ্ডো দখল কৰিব নোৱৰাক লৈ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে জিএমচি নিৰ্বাচনত কংগ্ৰেছ দলৰ বেয়া হৈছে বুলি স্বীকাৰ কৰিলে ৷
কোকৰাঝাৰ চহৰস্থিত জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰণেন্দ্ৰ ভৱনত জিএমচি নিৰ্বাচন সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত বৰাই কয় যে জিএমচি নিৰ্বাচনত আমাৰ বেয়া হৈছে। লগতে তেওঁ কয়,”বিজেপিকো গুৱাহাটীবাসী ৰাইজে শেষ সুযোগ প্ৰদান কৰিছে ৷ জুন মাহত গুৱাহাটীবাসী ৰাইজে পানী পালে ভাল কথা৷”
ইপিনে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ দলৰ উত্থান সম্পৰ্কে পুনৰ সাংবাদিকে প্ৰশ্ন কৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এখন আসন পালেই উত্থান হোৱা বুলি ধৰি ল’ব নোৱাৰি ৷
ইপিনে কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা প্ৰসংগত তেওঁ কয় ভূপেন বৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকালৈকে এআইইউডিএফৰ সৈতে মিত্ৰতা নহয় ৷ এয়া মই নিজে অকলে কৰা নাই ৷ বৰঞ্চ কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীৰে হোৱা আলোচনা মৰ্মেহে এনে কৰা হৈছে বুলি কয়৷