সোমবাৰে অসম প্রদেশ কংগ্রেছৰ বিষয়ববীয়াসকলৰ গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । অসম প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ পৌৰােহিত্যত অনুষ্ঠিত সভাত দেশৰ আৰু বিশেষভাৱে অসমৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক বিষয়সমূহৰ লগতে দলৰ সাংগঠনিক দিশৰ ওপৰত বিস্তৃতভাৱে আলােচনা কৰা হয় ।
বিষয়ববীয়াৰ সভাত উল্লেখিত কেইবাগৰাকী কেন্দ্রীয় নেতাৰ উপৰি অসম প্ৰদেশৰ তত্বাৱধায়ক তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক শ্রীজিতেন্দ্র সিঙে অংশগ্রহণ কৰে ।
উল্লেখযােগ্য যে, প্রদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগ’ ৰ অধ্যক্ষ মনজিৎ মহন্তক মুখ্য সম্পাদক আৰু প্রফুল্ল কুমাৰ দাসক সম্পাদক হিচাপে লৈ গঠন কৰি দিয়া সম্পাদনা সমিতিয়ে প্ৰাচীৰ পত্রিকা ‘জাগ্রত কংগ্ৰেছ’ যুগুতাই প্ৰকাশ কৰিছে ।