৩১ মাৰ্চত অসমত অনুষ্ঠিত হ’ব ৰাজ্য সভা নিৰ্বাচন। দুখন আসনৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন । এই ৰাজ্যসভাৰ নিৰ্বাচনত ৪২তকৈ অধিক ভোট পাই আমি বিৰোধী দলৰ কংগ্ৰেছ প্ৰাৰ্থী জয় হম”বুলি মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।
ইপিনে কোনে পাব টিকট? সেয়া বৃহস্পতিবাৰে নিশ্চিত হ’ব বুলিও ভূপেন বৰাই জনায় সংবাদ মাধ্যমক । উল্লেখযোগ্য যে আগন্তুক ৰাজ্য সভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ নেতৃত্বই বিধায়কসকলৰ সৈতে আলোচনাত মিলিত হয়।
ইফালে এনকাউণ্টাৰ সম্পৰ্কতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভূপেন বৰাই। ভূপেন বৰাৰ মতে, অসমত এতিয়া এনকাউণ্টাৰ বেছিকৈ হ’বই, কাৰণ হিমন্ত বিশ্ব শৰ্মা এতিয়া মুখ্যমন্ত্ৰী নহয় তেওঁ নিজেই এজন চীফ জাষ্টিচো। ইয়াৰ উপৰি The Kashmir files নহয়, অসম গুপ্তহত্যা files নামৰ ছবিও নিৰ্মাণ কৰিবলৈ অনুপম খেৰলৈ চিঠি লিখিব বুলিও কয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।
ভূপেন বৰাই লগতে কয় যে অগপ বিজেপিৰ আমোলত হোৱা গুপ্তহত্যা ফাইলছ ছবিখন হ’লে ভূপেন বৰায়ো সকলো বিধায়কক লৈ চিনেমা চাবলৈ যাব।ভূপেন বৰাৰ দাবী, অসমত হোৱা গুপ্তহত্যাৰ ওপৰতো হ’ব লাগে ছবি নিৰ্মাণ।