ডায়েবেটিচৰ দৰে উচ্চ ৰক্তচাপ থকা ৰোগীৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাই আহিছে। বিশেষজ্ঞসকলে জনোৱা অনুসৰি, ভুল খাদ্যভ্যাস, অত্যাধিক চাপ, উত্তেজনা, ব্যায়ামৰ অভাৱ, এইবোৰে উচ্চ ৰক্তচাপৰ সমস্যাও বৃদ্ধি কৰে। সেয়েহে, বিশেষজ্ঞসকলে নিয়মীয়াকৈ দৈনন্দিন খাদ্যাভ্যাসৰ প্ৰতি বিশেষ মনোযোগ দিবলৈ পৰামৰ্শ আগবঢ়াইছে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি কিছুমান ঔষধ গ্ৰহণ কৰাৰ উপৰিও, জীৱনশৈলীৰ পৰিৱৰ্তনও কৰিব লাগে।
কিছুমান ভাৰতীয় খাদ্য আছে যিয়ে দৈনিক ভিত্তিত ৰাখিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত কৰিব পাৰি। চিকিৎসকসকলে ৰক্তচাপৰ সমস্যা দূৰ কৰিবলৈ ওজন হ্ৰাস কৰাৰ পৰামৰ্শ দিয়ে। এই খাদ্যবোৰে ওজন দ্ৰুততাৰে নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। আপুনি বাৰু জানেনে সেইবোৰ খাদ্য কি কি?
১) ময়দা বা ময়দাৰ পিঠাৰ সলনি, জোৱাৰ পিঠা বাছনি কৰক। জোৱাৰ পিঠা এণ্টিঅক্সিডেণ্ট, আঁহ, প্ৰ’টিন, খনিজ পদাৰ্থৰে পৰিপূৰ্ণ। যি উচ্চ ৰক্তচাপ থকা ৰোগীসকলৰ বাবে অতি উপকাৰী।
২) তিয়ঁহ ৰায়তা বনাওক আৰু প্ৰতিদিনে খাওক। শৰীৰটোও ঠাণ্ডা হৈ থাকিব। ডিহাইড্ৰেচনৰ সমস্যা হ্ৰাস হ’ব।
৩) দৈ, ভেণ্ডিৰ দৰে সুস্বাদু আহাৰ, উচ্চ ৰক্তচাপৰ বাবে সিমানেই উপকাৰী। আপুনি ইয়াক মাত্ৰ ৩০ মিনিটত বনাব পাৰে। ভেণ্ডিত বহুতো পুষ্টি আছে যি উচ্চ ৰক্তচাপৰ বাবে উপকাৰী। অৱশ্যে, ৰন্ধাৰ সময়ত অলপ তেল ব্যৱহাৰ কৰা উচিত।
৪) মুং দাইলত আঁহ, পটাছিয়াম, লো থাকে। আপুনি মুং দাইলক পিয়াজ, জলকীয়াৰ সৈতে পেনকেকৰ দৰে বনাব পাৰে আৰু ইয়াক ৰাতিপুৱাৰ আহাৰৰ সৈতে খাব পাৰে।
৫) ৰাজমাহ চালাড উচ্চ ৰক্তচাপৰ বাবে অতি উপকাৰী। উতলা ৰাজমা, পিয়াজ, বিলাহী, স্প্ৰিং অয়ন, আখৰোট, বাদাম, সৰু ক’লা জালুক, নিমখ, নেমুৰ ৰসৰ সৈতে ৰাজমাহ চালাড বনাওক। ৰাতিপুৱা হওঁক বা দুপৰীয়া হওঁক, আপুনি যিকোনো সময়তে খাই উচ্চ ৰক্তচাপৰ পৰা সুফল পাব পাৰিব।