তুষাৰপাতত আৱদ্ধ ৩০০ পৰ্যটকক উদ্ধাৰ সেনাৰ ।
প্ৰচণ্ড তুষাৰপাতৰ কবলত ছিকিম ৷ বুধবাৰে ৰাজ্যখনত হোৱা প্ৰচণ্ড তুষাৰপাতৰ ফলত উত্তৰ ছিকিমৰ লাচুং এলেকাত আৱদ্ধ হৈ পৰে প্ৰায় ৩০০ গৰাকী পৰ্যটক ৷ উল্লেখযোগ্য যে, এই পৰ্যটকসকলক ভাৰতীয় সেনাই উদ্ধাৰ কৰে। ইয়াৰ পূৰ্বে পূৱ ছিকিমৰ চীনা সীমান্তৰ সমীপত তুষাৰপাতত আৱদ্ধ হৈ পৰিছিল প্ৰায় ১,০২৭ গৰাকী পৰ্যটক ৷
ইপিনে সেনাৰ দলে পৰ্যটকসকলক উদ্ধাৰৰ বাবে উক্ত অঞ্চলত উপস্থিত হয় ৷ পৰ্যটকসকলেও সেনাৰ দলটোক বৰফ আঁতৰাই পথ মুকলি কৰাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱা বুলি ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডে টুইট কৰে ৷