- সোমবাৰে বিজেপিৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে।
- নতুন দিল্লীত আয়োজিত এক সংবাদ মেলত মুখ্যমন্ত্ৰীগৰাকীয়ে এই অভিযোগ উত্থাপন কৰে।
- দিল্লীৰ চৰকাৰে বিনামূলীয়াকৈ শিক্ষা আৰু স্বাস্থ্যসেৱা যোগান ধৰাৰ ক্ষেত্ৰত যিসকল ব্যক্তিয়ে দিল্লীক বিনামূলীয়া সংস্কৃতিৰ আলয় বুলি কৈ আহিছে সেইসকলহে প্ৰকৃততে দেশৰ শত্ৰু বুলিও অভিহিত কৰে মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে।
- লগতে অৰৱিন্দ কেজৰিৱালে কয় যে, “ভাৰতৰ দৰে দেশ এখনত বিনামূলীয়া স্বাস্থ্যসেৱা আৰু শিক্ষা প্ৰদান কৰা অতিকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ বিৰোধিতা কৰাসকলে কেন্দ্ৰীয় চৰকাৰে চহকী পুঁজিপতিসকলৰ হাজাৰ হাজাৰ কোটি টকাৰ ঋণ মাফ কৰা সন্দৰ্ভত হে প্ৰশ্ন সুধিব লাগে।”