বৰ্তমান ভয়াৱহভাবে বৃদ্ধি পাইছে ক’ৰনাত আক্রান্ত ৰোগীৰ সংখ্যা। বৰ্তমান ৰাজ্যত প্ৰতিদিনেই আক্রান্তৰ সংখ্যা বৃদ্ধি পাব ধৰিছে।
উল্লেখ্য যে, অসমত প্ৰত্যেক খন পিছপৰা অঞ্চল তথা গাওঁসমূহতো ঘৰে ঘৰে গৈ ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে।
তদুপৰি বৰ্তমান ১৫ৰ পৰা ১৮ বছৰৰ শিক্ষাৰ্থীসকলকো ভেকচিনৰ ব্যৱস্থা কৰিছে চৰকাৰে।
সমগ্র ৰাজ্যত ৫০০ শিক্ষানুষ্ঠানত এই ভেকচিন দিয়া হৈছে। এক লাখ শিক্ষাৰ্থীক ভেকচিন দিয়াৰ লক্ষ্যৰে এই প্ৰচেষ্টা হাতত লোৱা হৈছে ।
উল্লেখনীয় ভাৱে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সোমবাৰে টুইটাৰযোগে প্ৰকাশ কৰে যে অসমত বৰ্তমানলৈ ৪ কোটি ভেকচিন দিয়া সম্পূৰ্ণ হৈছে ।