উৎকোচ কাণ্ডত দোষী সাব্যস্ত হোৱাৰ পিছত ৰাজ্য চৰকাৰে বৰ্খাস্ত কৰে ACS বিষয়া নন্দিতা কোঁৱৰক। ২০১৭ চনত MPLADSৰ কামৰ নামত উৎকোচ বিচাৰি হাতে-লোটে ধৰা পৰিছিল নন্দিতা কোঁৱৰ।
উল্লেখ্য যে,সেই সময়ত জিলা গ্ৰাম্য উন্নয়ন কামৰূপ (মেট্ৰ’) (DRDA)ৰ প্ৰকল্প সঞ্চালক আছিল নন্দিতা কোঁৱৰ। নন্দিতা কোঁৱৰে মহানগৰীৰ দুৰ্গা সৰোবৰ অঞ্চলত সংসদ পুঁজিৰ অধীনত এটা পথ নিৰ্মাণৰ কামৰ বাবে এজন ঠিকাদাৰৰ পৰা ২০,০০০টকা উৎকোচ লৈছিল। বিহাৰ আৰু ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল প্ৰয়াত দেবানন্দ কোঁৱৰৰ কন্যা এই নন্দিতা কোঁৱৰ।